নেশ্যনেল ডেস্ক, ৬ আগষ্ট :ইউনাইটেড এয়াৰৱেজ বাংলাদেশৰ এমডি-৮৩ বিমানখন যোৱা ৯ বছৰ ধৰি ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰৰ বিমানবন্দৰতে আছে । এতিয়ালৈকে বিমান কোম্পানীটোৱে বিমানখন ঘূৰাই নিবলৈ কোনো দৃঢ় পদক্ষেপ লোৱা নাই । ৰায়পুৰ বিমানবন্দৰ কৰ্তৃপক্ষই ইতিমধ্যে বিমানখন ঘূৰাই নিবলৈ কেইবাবাৰো মেইল কৰিছে । একে সময়তে বিমানখন থকাৰ বাবে ৰায়পুৰ বিমানবন্দৰত পাৰ্কিঙৰ ব্যয়ও নিৰন্তৰভাৱে বৃদ্ধি পাইছে ।
৯ বছৰ ধৰি ছত্তীশগড়তে আছে বাংলাদেশৰ বিমানখন :
তথ্য অনুসৰি এই বিমানখনৰ পাৰ্কিঙৰ ব্যয় প্ৰায় ৪ কোটি টকা হৈছে । যিয়ে বিমানবন্দৰ কৰ্তৃপক্ষক শ'লঠেকত পেলাইছে । কেৱল এয়াই নহয় বিমানখনৰ অৱস্থাও পূৰ্বৰ দৰে নাই । বিশেষজ্ঞসকলৰ মতে প্ৰায় ৯ বছৰ তেনেদৰে থকাৰ বাবে বিমানখন বৰ্তমান উৰাৰ বাবেও উপযুক্ত নহয় । এনে পৰিস্থিতিত বিমানবন্দৰ কৰ্তৃপক্ষই বিমানখনৰ নিলামৰ বাবে সাজু হৈছে । য'ৰ পৰা কৰ্তৃপক্ষই পাৰ্কিঙৰ ধন উদ্ধাৰ কৰিব ।
এই সন্দৰ্ভত ৰায়পুৰৰ স্বামী বিবেকানন্দ বিমানবন্দৰৰ সঞ্চালক ড৹ এছ ডি শৰ্মাই কয়, "এই বিমানখন লৈ যাবলৈ কোম্পানীটোলৈ কেইবাবাৰো মেইল আৰু চিঠি লিখা হৈছে, কিন্তু তেওঁলোকৰ পৰা কোনো সঁহাৰি অহা নাই । এনেদৰে প্ৰায় ৯ বছৰ পাৰ হৈ গ'ল । ইফালে, বিমানখনৰ পাৰ্কিং মাচুলো কোটি টকালৈ বৃদ্ধি পাইছে । এনে পৰিস্থিতিত, বিমানখন নিলাম কৰাৰ প্ৰস্তুতি চলাই আছে । এই প্ৰতিবেদন মুখ্য কাৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছে । একে সময়তে আইনী বিভাগৰ সৈতেও এই বিষয়ে আলোচনা কৰা হৈছে । মুখ্য কাৰ্যালয়ৰ নিৰ্দেশনা অনুসৰি পৰৱৰ্তী পদক্ষেপ লোৱা হ'ব ।"