ঢাকা :অসমৰ বিদ্ৰোহী সংগঠন সংযুক্ত মুক্তি বাহিনী, অসম(স্বাধীন) চমুকৈ আলফা(স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱা ক'ত আছে ? হয়তো ইয়াৰ সঠিক উত্তৰ কোনেও দিব নোৱাৰে ! এসময়ত চুবুৰীয়া দেশ বাংলাদেশৰ পৰা আলফাৰ কাৰ্যকলাপ চলাই যোৱা পৰেশ বৰুৱাৰ সঠিক অৱস্থান সন্দৰ্ভত আৰক্ষীও নিশ্চিত নহয় । অৱশ্যে বহুতে সন্দেহ কৰা মতে ভাৰত-ম্যানমাৰ সীমান্তৰ কোনোবা এটা স্থানৰ পৰাই বিদ্ৰোহী সংগঠনটোৰ নেতৃত্ব দি আছে পৰেশ বৰুৱাই ! একাংশৰ মতে পৰেশ বৰুৱা আছে চীন সীমান্তত ! কিন্তু ই কিমান দূৰ সঁচা তাৰ সঠিক উত্তৰো কাৰো হাতত নাই । অৱশ্যে তাৰ মাজতে বাংলাদেশৰ পৰা অহা এক খবৰে কেৱল অসমবাসীয়ে নহয় আলফা সম্পৰ্কে জ্ঞাত সকলোকে আচৰিত কৰি তুলিছে । বাংলাদেশৰ এখন উচ্চ ন্যায়ালয়ৰ ৰায়দানে সকলোকে হতচকিত কৰি তুলিছে ।
পৰেশ বৰুৱাক যাৱজ্জীৱন কাৰাদণ্ড
বাংলাদেশৰ এখন উচ্চ ন্যায়ালয়ে বুধবাৰে আলফা নেতা পৰেশ বৰুৱাক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিয়ে । পূৰ্বে একেটা গোচৰতে পৰেশ বৰুৱাক আদালতে মৃত্যুদণ্ড প্ৰদান কৰিছিল । ইয়াৰ উপৰিও ২০০৪ চনত উত্তৰ-পূব ভাৰতৰ বিদ্ৰোহী সংগঠনৰ অস্ত্ৰ সৰবৰাহ সম্পৰ্কীয় গোচৰটোত বাংলাদেশৰ এজন প্ৰাক্তন কনিষ্ঠ মন্ত্ৰী আৰু আন ৫ জনক নিৰ্দোষী ঘোষণা কৰে আদালতে ।
২০০৪ৰ আলফাৰ অস্ত্ৰ সৰবৰাহ গোচৰ
উল্লেখ্য যে ২০০৪ চনত বিদ্ৰোহী সংগঠনটোৰ ভয়ংকৰ অভিসন্ধিৰ তথ্য পোহৰলৈ আহিছিল যেতিয়া ছিটাগঙত অস্ত্ৰভৰ্তি প্ৰায় ১০ খন ট্ৰাক জব্দ কৰা হৈছিল । এপ্ৰিল মাহত চট্টগ্ৰামৰ জৰিয়তে উত্তৰ-পূব ভাৰতৰ আলফাৰ আত্মগোপনৰ স্থানলৈ অস্ত্ৰসমূহ সৰবৰাহ কৰাৰ অভিযোগ আছিল । জব্দ কৰা অস্ত্ৰসমূহৰ ভিতৰত আছিল ২৭,০০০ তকৈও অধিক গ্ৰেণেড, ১৫০ টা ৰকেট লঞ্চাৰ, ১১ লাখতকৈও অধিক গোলাবাৰুদ, ১,১০০ চাব মেচিনগান আৰু ১১.৪১ নিযুত গুলী । পৰেশ বৰুৱাক এই অস্ত্ৰ সৰবৰাহ গোচৰৰ মূল অভিযুক্তৰূপে চিনাক্ত কৰা হৈছিল ৷ যাৰ বাবে পৰেশ বৰুৱাৰ বিৰুদ্ধে দিয়া হৈছিল মৃত্যুদণ্ডৰ ৰায় ৷
কিন্তু উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে আলফা নেতা পৰেশ বৰুৱাৰ মৃত্যুদণ্ডৰ শাস্তি খাৰিজ কৰে । এজন চৰকাৰী অধিবক্তাই কয় যে পৰেশ বৰুৱা এতিয়া চীনত আত্মগোপন কৰি আছে বুলি ধাৰণা কৰা হৈছে আৰু তেওঁক যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰা হৈছে ।
বাংলাদেশৰ নেতাক ৰেহাই
ন্যায়াধীশ মোস্তফা জামান ইছলাম আৰু ন্যায়াধীশ নাছৰিন আখটাৰক লৈ গঠিত উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে ৰাজ্যৰ প্ৰাক্তন গৃহ মন্ত্ৰী লুৎফুজ্জমান বাবৰ আৰু আন ৬ জনক নিৰ্দোষী সাব্যস্ত কৰে ।
ফাঁচিৰ পৰা ৰেহাই পোৱা আন ৫ জন হৈছে বাংলাদেশ সেনাৰ ইণ্টেলিজেঞ্চৰ প্ৰাক্তন সঞ্চালক প্ৰধান (ডি জি এফ আই) অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল ৰেজাকুল হায়দৰ চৌধুৰী, এটা চৰকাৰী সাৰ প্ৰকল্পৰ (চি ইউ এফ এল) প্ৰাক্তন পৰিচালন সঞ্চালক মহছিন তালুকদাৰ, কোম্পানীটোৰ জেনেৰেল মেনেজাৰ এনামুল হক, উদ্যোগ মন্ত্ৰালয়ৰ প্ৰাক্তন অতিৰিক্ত সচিব নুৰুল আমিন আৰু জামাত-ই-ইছলামী নেতা মতিউৰ ৰহমান নিজামী । প্ৰকল্পৰ স্থানটো আলফাৰ বাবে অস্ত্ৰ-শস্ত্ৰ ৰপ্তানিৰ বাবে ব্যৱহাৰ কৰা হৈছিল বুলি অভিযোগ আছিল ।
বাংলাদেশৰ ৰাষ্ট্ৰীয় সুৰক্ষা চোৰাংচোৱা বিভাগৰ প্ৰাক্তন মুৰব্বী প্ৰাক্তন ব্ৰিগেডিয়াৰ জেনেৰেল আব্দুৰ ৰহিমক পূৰ্বে মৃত্যুদণ্ড দিয়া হৈছিল কিন্তু আবেদন আৰু মৃত্যুৰ শুনানি প্ৰক্ৰিয়া চলি থকাৰ সময়তে তেওঁৰ কাৰাগাৰত মৃত্যু হয় ।