অসম

assam

ETV Bharat / bharat

নৱবৰ্ষৰ প্ৰথম দিনটোত বৃদ্ধাশ্ৰমত গৃহহাৰাৰ বেদনাৰ উচুপনি - AMRITDHARA OLD AGE HOME

ইটিভি ভাৰতৰ জীৱন জ্যোতি নায়কে ১ জানুৱাৰীত অমৃতধাৰা বৃদ্ধাশ্ৰম পৰিদৰ্শন কৰাৰ সময়ত তাত থকা লোকসকলৰ কাহিনীয়ে এক ভাবুক পৰিৱেশৰ সৃষ্টি কৰে ।

Amritdhara Old Age Home
অমৃতধাৰা বৃদ্ধাশ্ৰমত নৱবৰ্ষ উদযাপন (ETV Bharat)

By ETV Bharat Assamese Team

Published : Jan 3, 2025, 1:47 PM IST

বালাছোৰ : নৱবৰ্ষৰ প্ৰথম পুৱা সাৰ পোৱাৰ পিছত নতুন বছৰটো আৰম্ভ কৰিবলৈ আগবঢ়াৰ সময়ত পঞ্চানন পাণ্ডাৰ দুচকুত এক আকাংক্ষাৰ তিৰবিৰণি দেখা গৈছিল । বিগত বহু বছৰ ধৰি অতিবাহিত কৰা তেওঁৰ কোঠাটোত এক নিৰৱতাই গ্ৰাস কৰিছে । এই কোঠাটোতে তেওঁ অকলশৰে অতীতক স্মৰণ কৰি দিন অতিবাহিত কৰি আহিছে । তথাপি তেওঁ নিজকে চম্ভালি লৈছে । আনদিনাৰ দৰে তেওঁ সেইদিনাও গতানুগতিকভাৱে সূৰ্যোদয় চাবলৈ খিৰিকীৰ কাষলৈ গৈছে আৰু দিনটো আৰম্ভণিৰ বাবে অপেক্ষা কৰিছে ।

ওড়িশাৰ বালাছোৰ জিলাৰ বাহাংগা গোপালপুৰৰ বাসিন্দা পঞ্চাননে জানে যে তেওঁৰ বাকী জীৱনছোৱাৰো ঠিকনা হৈছে সহদেৱকুণ্টাৰ চান্দমাৰীৰ অমৃতধাৰা বৃদ্ধাশ্ৰম । পঞ্চাননৰ দৰে আন বহুতে তেওঁলোকৰ জীৱনৰ অন্তিম সময়বোৰত তেওঁলোকৰ নিজৰ পৰিয়ালৰ পৰা যত্ন আৰু প্ৰেমৰ পৰা বঞ্চিত হৈ অকলে বাস কৰাৰ ভাগ্য লৈ নিজৰ ঘৰ ত্যাগ কৰিছে ।

অমৃতধাৰা বৃদ্ধাশ্ৰমত নৱবৰ্ষ উদযাপন (ETV Bharat)

ইয়াত থকা লোকসকল তেওঁলোকৰ বাবে দ্বিতীয়টো পৰিয়াল হৈ পৰিছে আৰু এই অচিনাকি লোকসকলেই এতিয়া তেওঁলোকৰ অতি চিনাকি আৰু তেওঁলোকৰ মাজতে সান্ত্বনা আদান-প্ৰদান কৰি দিন অতিবাহিত কৰিছে । "মই বৰ্তমান সাত মাহ ধৰি ইয়াত আছো ।" আৱেগেৰে ভৰা কঁপা কঁপা মাতেৰে তেওঁ কয় ।

"মোৰ পুত্ৰ আৰু তেওঁৰ পৰিয়াল পশ্চিমবংগত আছে । আমি ২২ বছৰতকৈ অধিক সময় পৰস্পৰৰ মাজত কথা-বতৰা পতা নাই । মই বেছিভাগ সময়ে অকলশৰীয়াকৈ বাস কৰিছো, আনকি মোৰ ভৰি ভঙাৰ পাছতো । কিন্তু যেতিয়া মই আৰু একো কৰিব নোৱৰা হৈ পৰিলো, তেতিয়া আশ্ৰয়স্থল বিচাৰি লোৱাৰ বাহিৰে মোৰ আৰু কোনো উপায় নাছিল ।" পঞ্চাননে কয় ।

উল্লেখ্য যে তেওঁৰ পৰিয়ালে তেওঁক আশ্বাস দিছিল যে তেওঁলোকে ঘূৰি আহি ওড়িশাত বসতি স্থাপন কৰিব । কিন্তু পঞ্চাননে উপলব্ধি কৰিছে যে সেয়া আছিল এক মিছা প্ৰতিশ্ৰুতি । পঞ্চাননৰ বাবে নতুন বছৰটো বিশেষভাৱে কঠিন । "মই মোৰ পৰিয়ালৰ কথা ভাবো, কিন্তু ইয়াৰ কোনো অৰ্থ নাই । তেওঁলোক ঘূৰি নাহে । একাকীত্বই মোক হত্যা কৰিছে, কিন্তু মই মোৰ মনোযোগ আন ক্ষেত্ৰলৈ আঁতৰাই নিবলৈ চেষ্টা কৰি আছো । ইয়াতকৈ আৰু মই কি কৰিব পাৰো ।" তেওঁ অসহায়ভাৱে প্ৰশ্ন কৰে ।

অমৃতধাৰা বৃদ্ধাশ্ৰমত নৱবৰ্ষ উদযাপন (ETV Bharat)

একেদৰে বৃদ্ধাশ্ৰমত থকা অন্যান্যসকলৰো বিশ্বাসঘাতকতাই তেওঁলোকৰ হিয়া ভাঙি পেলাইছে আৰু পৰিস্থিতি অধিক জটিল কৰিছে । জলেশ্বৰৰ এগৰাকী বৃদ্ধা ৰুকমণি বেহেৰাই দাবী কৰিছে যে তেওঁৰ একমাত্ৰ পুত্ৰক কোভিড-১৯ৰ হাতত হেৰুৱাবলগা হৈছিল । তাৰ পিছত তেওঁক তেওঁৰ বোৱাৰীয়েকে ঘৰৰ পৰা উলিয়াই দিয়ে ।

"তেওঁ মোক খাদ্য, আশ্ৰয় প্ৰদান আৰু ভাল ব্যৱহাৰ কৰিবলৈ অস্বীকাৰ কৰিছিল । যেতিয়া মোৰ পুত্ৰ জীয়াই আছিল, তেওঁ মোক সুৰক্ষা দিছিল । কিন্তু তেওঁ যোৱাৰ পিছত মোৰ ওচৰত ঘৰ এৰি অহাৰ বাহিৰে আন কোনো উপায় নাছিল ।" তেওঁ স্মৰণ কৰে ।

অমৃতধাৰা বৃদ্ধাশ্ৰমত নৱবৰ্ষ উদযাপন (ETV Bharat)

বৰ্তমান অমৃতধাৰাৰ বাসিন্দা হিচাপে ৰুকমণিয়ে কিছু শান্তি বিচাৰি পাইছে । অৱশ্যে অতীতৰ ঘটনাবোৰে তেওঁক পীড়িত কৰে । "মই ঘৰতকৈ ইয়াত ভালকৈ আছো । কিন্তু প্ৰতিটো নৱবৰ্ষত মই মোৰ পুত্ৰৰ কথা ভাবোঁ । যদি তেওঁ জীয়াই থাকিলহেঁতেন, মই ইয়াত থাকিবলগা নহ'লহেঁতেন । মোৰ বোৱাৰীৰ নিষ্ঠুৰতাই মোক ঘৰৰ পৰা আঁতৰাই নিদিলেহেঁতেন । এইটো এক কঠিন পৰিস্থিতি, কিন্তু অন্ততঃ ইয়াত মই অবাঞ্ছিত অনুভৱ নকৰো ।"

অৱশ্যে পঞ্চানন, ৰুকমণি আৰু তেওঁলোকৰ দৰে আন বহুতৰ বাবে এই নৱবৰ্ষৰ দিনটো এক আনন্দৰ মুহূৰ্তৰে আৰম্ভ হৈছিল । দৰ্শনাৰ্থীসকলে উপহাৰ আৰু শুভেচ্ছা লৈ বৃদ্ধাশ্ৰমত উপস্থিত হ'বলৈ আৰম্ভ কৰিছিল । তেওঁলোকৰ ভিতৰত আছিল ফকীৰ মোহন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ ডাঃ বিজয়লক্ষ্মী চাহু । তেওঁ বাসিন্দাসকলৰ মাজত গৰম কাপোৰ বিতৰণ কৰিছিল ।

তেওঁ উল্লেখ কৰিছিল, "পিতৃ-মাতৃসকলক এনেদৰে পৰিত্যক্ত অৱস্থাত দেখিবলগা হোৱাটো এক হৃদয় বিদাৰক কথা । তেওঁলোকে জীৱনৰ অন্তিম সময়ছোৱাত যত্ন আৰু মৰম লাভৰ যোগ্য, কিন্তু তাৰ পৰিৱৰ্তে তেওঁলোকে ইয়াত এনেদৰে থাকিবলগা হৈছে, তেওঁলোকক এনেদৰে এৰি যোৱা পৰিয়ালবোৰৰ বাবে হা-হুমুনিয়াহ কাঢ়িবলগা হৈছে ।"

অমৃতধাৰা বৃদ্ধাশ্ৰমত নৱবৰ্ষ উদযাপন (ETV Bharat)

ক'লীয়া মেঘৰ মাজতো এক ৰূপালী আশাৰ কিৰণ হৈছে এই আশ্ৰয়গৃহ, য'ত কৰ্মচাৰীসকলে তাত থকা আৱাসীসকলক সকলো প্ৰকাৰে আশ্বস্ত কৰি ৰাখিবলৈ অক্লান্ত পৰিশ্ৰম কৰে । বৃদ্ধাশ্ৰমখনৰ তত্ত্বাৱধান কৰা ডাঃ সৰোজ মহাপাত্ৰই ইয়াক বৃদ্ধসকলৰ বাবে 'ঘৰৰ পৰা দূৰৈত থকা আন এখন ঘৰ' বুলি কয় ।

তেওঁ কয়, "এই লোকসকলে ৰাস্তাত ভিক্ষা নকৰে, কিন্তু তেওঁলোকৰ হৃদয়ত পৰিয়ালৰ বাবে বেদনা আছে । আমি বিভিন্ন কাৰ্যকলাপ আৰু ভ্ৰমণৰ জৰিয়তে তেওঁলোকৰ বেদনা হ্ৰাস কৰিবলৈ যথাসাধ্য চেষ্টা কৰো, কিন্তু তেওঁলোকৰ প্ৰিয়জনৰ বাবে তেওঁলোকৰ আকাংক্ষা সঁচাকৈয়ে কেতিয়াও কম নহয় ।"

কেতিয়াবা বৃদ্ধাশ্ৰমৰ বৃদ্ধসকলক ওচৰৰ মন্দিৰলৈ লৈ যোৱা হয় । এই নৱবৰ্ষৰ দিনাৰ দৰে তেওঁলোকে কোনো এটা মন্দিৰ দৰ্শন কৰে আৰু ই তেওঁলোকক সুখী কৰে । "আমাৰ বাবে ঘড়ীৰ কটাৰ প্ৰতিটো শব্দ, মিনিটৰ পিছত মিনিট, এটাৰ পিছত আনটো দিন কঠিন হৈ পৰে । এনে সময়ত কিছু সময়ৰ বাবে বাহিৰলৈ যোৱা আৰু মন্দিৰত কেইঘণ্টামান কটাবলৈ পোৱাটোৱে আমাক যথেষ্ট সন্তুষ্টি প্ৰদান কৰে ।" পঞ্চাননে কয় ।

উৎসৱ আৰু গুৰুত্বপূৰ্ণ দিনবোৰত বৃদ্ধসকলক অংশগ্ৰহণ আৰু উপভোগ কৰাত সহায় কৰিবলৈ একোনো অনুষ্ঠানৰ আয়োজন কৰা হয় । "আমি তেওঁলোকক তেওঁলোকে বিচৰা অনুভৱ কৰাব বিচাৰো । তেওঁলোকৰ বেছিভাগৰে নিজৰ বুলি ক'বলৈ একো নাই । গতিকে আমি তেওঁলোকক উৎসৱ আৰু জীৱনৰ সামান্য আনন্দত মিলি হোৱাত সহায় কৰো ।" মহাপাত্ৰই লগতে কয় ।

অমৃতধাৰাত বৃদ্ধসকলে তেওঁলোকৰ মাজত পৰস্পৰৰ আন্তৰিক বান্ধোন সৃষ্টি কৰে আৰু ইজনে সিজনক বন্ধু হিচাপে লয় । ই তেওঁলোকক তেওঁলোকৰ মাজত এখন সমাজ গঠন কৰাত সহায় কৰে । "এনেকুৱা দিনো আছে যেতিয়া এই আৱাসীসকলে একেলগে হাঁহে আৰু সেইটোৱে মোৰ হৃদয়ক কৃতজ্ঞতাৰে ভৰাই তোলে । মই বিশ্বাস কৰো, এইটো হৈছে মই কৰিবলগা কাম- বৃদ্ধ আৰু পৰিত্যক্ত লোকসকলক তেওঁলোকৰ পৰিয়াল অবিহনেও সম্পূৰ্ণৰূপে সজীৱ জীৱন নিৰ্বাহ কিৰবলৈ সক্ষম কৰা ।" মহাপাত্ৰই কয় । কাম এটা কৰাতকৈ কোৱাটো সহজ । মহাপাত্ৰই এইটোও জানে যে এটা পৰিয়ালৰ কোনো বিকল্প নাই । "কিন্তু জীৱন চলি থাকিব লাগিব ।" তেওঁ কয় ।

পঞ্চানন আৰু ৰুকমণিৰ দৰে বৃদ্ধাশ্ৰমত থকা বেছিভাগ ব্যক্তিয়ে জীৱনৰ এইটো অন্ধকাৰ সত্যক স্বীকাৰ কৰা দেখা গৈছে যে তেওঁলোক অকলশৰীয়া । "আমি অকলে আহিছোঁ আৰু আমি জানো যে আমি অকলেও যাব লাগিব । কিন্তু আমি যিসকল শিশুক জন্ম দিছিলো আৰু স্বাৱলম্বী কৰিছিলো, তেওঁলোকে আজি আমাক এৰি দিছে আৰু তেওঁলোক নিজৰ জীৱনত ইমান ব্যস্ত যে তেওঁলোকে আমাৰ যত্ন নলয় বা আনকি ফোন কৰিবও নিবিচাৰে আৰু আমি এতিয়াও জীয়াই আছোঁ নেকি সেইটোহে জানিব বিচাৰে ।" ৰুকমণিয়ে তেওঁৰ ৰুক্ষ দুগালেৰে নগৰি অহা দুধাৰি চকুলো মোহাৰি কয় ।

উল্লেখ্য যে, ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি, ভাৰতত প্ৰায় 104 নিযুত বৃদ্ধ লোক (60 বছৰ বা তাতকৈ অধিক বয়সৰ) আছে আৰু তেওঁলোকৰ ভিতৰত 53 নিযুত মহিলা আৰু 51 নিযুত পুৰুষ আছে । ২০২২ চনত কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী বীৰেন্দ্ৰ কুমাৰে বিগত আঠ বছৰত তেওঁৰ মন্ত্ৰণালয়ে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ তালিকা প্ৰস্তুত কৰিছিল আৰু উল্লেখ কৰিছিল যে চৰকাৰে দেশৰ প্ৰতিখন জিলাতে বৃদ্ধাশ্ৰম স্থাপনৰ পৰিকল্পনা কৰিছে আৰু ২৫০ খন জিলা ইতিমধ্যে চিনাক্ত কৰিছে, য'ত অঞ্চলটোৰ স্থানীয় বেচৰকাৰী সংগঠনসমূহৰ সৈতে চুক্তিবদ্ধ হ'ব ।

ভাৰতত বৃদ্ধ লোকৰ সংখ্যা অভূতপূৰ্ব হাৰত বৃদ্ধি হৈছে আৰু মধ্য শতাব্দীৰ ভিতৰত শিশুসকলৰ জনসংখ্যা অতিক্ৰম কৰিব পাৰে । ইউ এন এফ পি এৰ এক নতুন প্ৰতিবেদনে প্ৰকাশ কৰিছে যে অনাগত দশকবোৰত যুৱ ভাৰত দ্ৰুতগতিত বৃদ্ধ সমাজলৈ পৰিণত হ'ব । ভাৰতত বিশ্বৰ কিশোৰ আৰু যুৱ লোকৰ সৰ্বাধিক জনসংখ্যা আছে ।

ৰাষ্ট্ৰীয় পৰ্যায়ত ইউ এন এফ পি এৰ ইণ্ডিয়া এজিং প্ৰতিবেদন 2023 অনুসৰি, বৃদ্ধসকলৰ (60+ বছৰ) জনসংখ্যাৰ অংশ 2021 চনত 10.1 শতাংশৰ পৰা 2036 চনত 15 শতাংশলৈ বৃদ্ধি হৈ 2050 চনত 20.8 শতাংশলৈ বৃদ্ধি হ'ব বুলি অনুমান কৰা হৈছে ।

লগতে পঢ়ক :এবুকু যন্ত্ৰণা লৈ আজিও ওড়িশাত ৰৈ আছে 'অসম দ্বীপ' - TRIBAL MUSEUM ECHOES OF MIGRATION
লগতে পঢ়ক :ইন্দোৰত প্ৰথমবাৰৰ বাবে হস্ত দান: এজন ব্যক্তিয়ে দিলে চাৰিজন ব্যক্তিক নৱজীৱন - HANDS DONATED IN INDORE

ABOUT THE AUTHOR

...view details