অসম

assam

ETV Bharat / bharat

অযোধ্যাত একেলগে জ্বলিল দীপাৱলীৰ ২৫ লাখ বন্তি; গঢ়িলে দুটাকৈ বিশ্ব অভিলেখ

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ প্ৰমাণীকৰণৰ বাবে গিনিজ পৰামৰ্শদাতা নিচ্চল ভৰোটৰ সৈতে অযোধ্যাত উপস্থিত থকা প্ৰতিনিধি প্ৰবীণ পেটেলে বুধবাৰে সন্ধিয়া নতুন অভিলেখ ঘোষণা কৰে ।

AYODHYA GUINNESS RECORDS
দীপোৎসৱত দুটাকৈ বিশ্ব অভিলেখ অযোধ্যাৰ (ETV Bharat)

By ETV Bharat Assamese Team

Published : 5 hours ago

অযোধ্যা: দীপাৱলীৰ পৱিত্ৰ সন্ধ্যাত বিশ্ব অভিলেখ অযোধ্যাত । বুধবাৰে সন্ধিয়া উত্তৰ প্ৰদেশৰ অযোধ্যাত প্ৰায় ২৫ লাখ মাটিৰ চাকি একেলগে জ্বলোৱা হয় । অযোধ্যাৰ দীপোৎসৱৰ এই অষ্টম সংস্কৰণত দুটাকৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড স্থাপিত হয় ।

এই অভিলেখ দুটা হৈছে একেলগে সৰ্বাধিক লোকৰ 'আৰতি' প্ৰদৰ্শন আৰু সৰ্বাধিকসংখ্যক বন্তি প্ৰজ্জ্বলন । পবিত্ৰ চহৰ অযোধ্যাৰ সৰযু নদীৰ 'ৰাম কী পেইড়ি' ঘাটকে ধৰি 55 টা ঘাটত এই বন্তিবোৰ স্থাপন কৰা হৈছিল । ইয়াত 25 লাখতকৈও অধিক মাটিৰ চাকি একেলগে জ্বলোৱা হৈছিল । আনহাতে, 1,121 গৰাকী 'বেদাচাৰ্য'ই একেলগে 'আৰতি' প্ৰদৰ্শন কৰিছিল । চাকিৰ গণনাৰ বাবে ড্ৰোণ ব্যৱহাৰ কৰা হৈছিল ।

অযোধ্যাত বৰ্ণিল পোহৰৰ মায়াজাল (ETV Bharat)

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ প্ৰমাণীকৰণৰ বাবে গিনিজ পৰামৰ্শদাতা নিচ্চল ভৰোটৰ সৈতে অযোধ্যাত উপস্থিত থকা গিনিজ প্ৰতিনিধি প্ৰবীণ পেটেলে বুধবাৰে সন্ধিয়া অযোধ্যাত এই নতুন অভিলেখ ঘোষণা কৰে ।

"উত্তৰ প্ৰদেশ পৰ্যটন, অযোধ্যা জিলা প্ৰশাসন আৰু সৰযু আৰতি সমিতিয়ে মুঠ 1,121 গৰাকী লোকেৰে একেলগে আৰতি প্ৰদৰ্শন কৰি সৰ্বাধিকসংখ্যক লোকৰ আৰতি প্ৰদৰ্শনৰ বাবে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ খিতাপ দখল কৰিছে । অভিনন্দন !" পেটেলে এনেদৰে ঘোষণা কৰে ।

সৰ্বাধিক বন্তিৰ বিশ্ব অভিলেখ (ETV Bharat)

আনহাতে, দ্বিতীয়টো ৰেকৰ্ডৰ ক্ষেত্ৰত গিনিজ প্ৰতিনিধিগৰাকীয়ে কয়, "মুঠ 25,12,585 চাকিৰে উত্তৰ প্ৰদেশ পৰ্যটন, উত্তৰ প্ৰদেশ চৰকাৰ, অযোধ্যা জিলা প্ৰশাসন আৰু ডঃ ৰাম মনোহৰ লোহিয়া অৱধ বিশ্ববিদ্যালয়, আপোনালোকে তেলৰ চাকিৰ সৰ্ববৃহৎ প্ৰদৰ্শনৰ বাবে নতুন গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ খিতাপ দখল কৰিছে !"

পেটেলে কয় যে তেওঁ এটা নহয়, দুটাকৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ খিতাপ প্ৰমাণিত কৰি 'অতিশয় আনন্দিত', যি দুটা হৈছে সৰ্বাধিকসংখ্যক লোকে একেলগে আৰতি প্ৰদৰ্শন কৰা আৰু সৰ্ববৃহৎ বন্তি প্ৰজ্জ্বলন ।

বন্তি প্ৰজ্জ্বলন (ETV Bharat)

তেওঁ কয় যে 'সৰ্বাধিকসংখ্যক লোকে একেলগে আৰতি প্ৰদৰ্শন কৰা'টো হৈছে এক সম্পূৰ্ণ নতুন অভিলেখ । তেওঁ কয়, "এইটো ৰেকৰ্ড মাত্ৰ এটা চাকিৰে স্থাপন কৰিব পৰাবিধৰ নাছিল, সেয়েহে নিম্নতম ২৫০ ৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল ।"

উল্লেখ্য যে তেলৰ চাকি প্ৰজ্জ্বলনৰ ক্ষেত্ৰত পূৰ্বৱৰ্তী ৰেকৰ্ড আছিল 22,23,676 টা । এই ৰেকৰ্ডটো ২০২৩ চনত দীপোৎসৱৰ সময়ত স্থাপন কৰা হৈছিল । "যদিও আমাৰ বাবে প্ৰয়োজনীয় সংখ্যা থকাটো গুৰুত্বপূৰ্ণ, কিন্তু নিৰ্দেশনাবোৰ অনুসৰণ কৰাটোও সমানেই গুৰুত্বপূৰ্ণ । আপোনালোকে দুয়োটা ৰেকৰ্ডৰ বাবে নিৰ্দেশনা পূৰণ কৰিছে ।" পেটেলে লগতে উল্লেখ কৰে ।

আৰতি (ETV Bharat)

দীপোৎসৱত যাক চাকিৰ পোহৰেৰে উদ্ধাসিত কৰাটো এক পৰম্পৰা আৰু ২০১৭ চনৰ পৰা দীপাৱলীৰ এদিন পূৰ্বে অযোধ্যাৰ সৰযু নদীৰ পাৰত আয়োজন কৰা এই উৎসৱ হৈছে ভগৱান ৰামৰ জন্মস্থান হিচাপে পবিত্ৰ চহৰখনৰ বাবে এক অনন্য মাত্ৰা ।

উত্তৰ প্ৰদেশ চৰকাৰৰ মতে, ৰাম মনোহৰ লোহিয়া অৱধ বিশ্ববিদ্যালয় আৰু ইয়াৰ অনুমোদিত মহাবিদ্যালয়সমূহৰ শিক্ষক, আন্তঃ মহাবিদ্যালয়, স্বেচ্ছাসেৱী সংগঠন, সাধু, স্থানীয় জনপ্ৰতিনিধি, স্থানীয় প্ৰশাসন, পৰ্যটন আৰু সংস্কৃতি মন্ত্ৰণালয় আদিৰ শিক্ষকসকলে এই অভিলেখ গঢ়ি তোলাত এক ডাঙৰ ভূমিকা পালন কৰিছিল ।

অনুষ্ঠানত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ (ETV Bharat)

ড্ৰোণৰ দ্বাৰা গণনাৰ পিচত গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ প্ৰতিনিধিয়ে এই মাইলৰ খুঁটিত উপনীত হোৱাটো নিশ্চিত কৰে । আনহাতে, প্ৰমাণ-পত্ৰ লাভ কৰাৰ পিছত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অযোধ্যা, ৰাজ্য আৰু ৰাষ্ট্ৰক এই অবিস্মৰণীয় সফলতাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে । এক চৰকাৰী বিবৃতিত এই কথা প্ৰকাশ ।

উল্লেখ্য যে ২০১৭ চনত ১.৭১ লাখ চাকিৰে দীপোৎসৱৰ মাত্ৰা বৃদ্ধি কৰা হয় । আনহাতে, ২০১৮ চনত ৩.০১ লাখ, ২০১৯ চনত ৪.০৪ লাখ, ২০২০ চনত ৬.০৬ লাখ, ২০২১ চনত ৯.৪১ লাখ, ২০২২ চনত ১৫.৭৬ লাখ আৰু ২০২৩ চনত ইয়াৰ পৰিমাণ ২২.২৩ লাখ লাখলৈ বৃদ্ধি পায় ।

অযোধ্যাত আতচবাজী (ETV Bharat)

"এই বছৰ যোগী চৰকাৰৰ অধীনত ৰাজ্যখনৰ সমৃদ্ধি আৰু ক্ৰমবৰ্ধিত গৌৰৱৰ প্ৰতীক হিচাপে ২৫.১২ লাখতকৈও অধিক বন্তি প্ৰজ্জ্বলন কৰা হয় ।" বিবৃতিটোত লগতে কোৱা হৈছে ।

লগতে পঢ়ক :৫০০ বছৰৰ মূৰত উভতি আহিছে এই মুহূৰ্ত: ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাছত অযোধ্যাত প্ৰথমটো দেৱালী
লগতে পঢ়ক :কলি যুগত ত্ৰেতা যুগৰ পৰিৱেশ সৃষ্টিৰ প্ৰয়াস; ২৮ লাখ বন্তি প্ৰজ্বলেনেৰে নতুন অভিলেখৰ দিশে অযোধ্যা

ABOUT THE AUTHOR

...view details