তেজপুৰ, 2 জুন :আৰম্ভ হৈছে অৰুণাচল আৰু ছিকিম ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা ৷পুৱা 6 বজাৰ পৰা উঃপূবৰ ৰাজ্য দুখনত আৰম্ভ হৈছে সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ বাবে ভোটগণনা । 19 এপ্ৰিলত 60 খন আসনৰ বাবে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ অৰুণাচল প্ৰদেশত অনুষ্ঠিত হয় বিধানসভা নিৰ্বাচন ।
25 খন জিলাত 48 টা গণনা হলত মুঠ 28 জন নিৰীক্ষকে নিৰীক্ষণ কৰিছে এই ভোট গণনা । ৰাজ্যিক নিৰ্বাচন আয়োগে নিৰাপত্তাৰ বাবে তিনি তৰপীয়া সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে । বিশেষকৈ অৰুণাচল প্ৰদেশৰ পূব দিশত উগ্ৰপন্থী সমস্যা থকা টিৰাপ, চাংলাং আৰু লংডিং জিলাত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে । দেওবাৰৰ পুৱাৰ ভাগত পোষ্টেল বেলটত ভোটগণনা কৰা হয় আৰু ইয়াৰৰ পাছত আৰম্ভ হয় ইভিএমসমূহৰ গণনা আৰম্ভ কৰে ।
অৰুণাচল প্ৰদেশৰ 60 টা বিধানসভা সমষ্টিৰ আজি 50 টা সমষ্টিৰ ভোট গণনা হ’ব ৷ এই সমষ্টিবোৰৰ ভিতৰত অন্যতম অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সমষ্টিটো । খাণ্ডুয়ে টাৱাং জিলাৰ 3 নং মক্তো (ST) বিধানসভা সমষ্টিৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভৰে ৰাজ্যখনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীৰ অগ্ৰগতি পৰিলক্ষিত হয় । আনহাতে, উপ মুখ্যমন্ত্ৰী চৌনা মেন 46 নং চৌখাম সমষ্টিৰ পৰা বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী সাব্যস্ত হয় ।
ইফালে, আন এক উল্লেখযোগ্য বিধানসভা সমষ্টি হায়ুলিয়াঙৰ পৰা মহিলা প্ৰাৰ্থী ডাচাঙলু পোলয়ে বিজয় সাব্যস্ত হয় । পোল হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী কালিক পোলৰ পত্নী । প্ৰাক্তন মুখ্যমন্ত্ৰী পোল 2016 চনৰ 9 আগষ্টত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ বাসভৱনত আত্মহত্যা কৰিছিল । ৰাজ্যখনৰ পাপুম পাৰেকে ধৰি ৰাজ্যখনৰ কেইবাখনো গুৰুত্বপূৰ্ণ জিলাত বিৰোধী প্ৰাৰ্থী বিশেষভাৱে অনুপস্থিত থকাৰ ধাৰাটোৱে শাসকীয় দলৰ বিজয়ৰ পথ প্ৰশস্ত কৰিছে ।