নতুন দিল্লী : অসমৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই শুকুৰবাৰে টাটা ছন্স এণ্ড টাটা গ্ৰুপৰ অধ্যক্ষ নটৰাজন চন্দ্রশেখৰণৰ পৃথ্বীৰাজ ৰোডৰ তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে ৷
এক দিঘলীয়া বৈঠকৰ এই সময়ছোৱাত তেওঁলোকে জাগীৰোডত থকা অৰ্ধপৰিবাহী উদ্যোগ বা ছেমিকণ্ডাক্টৰ প্ৰকল্পকে ধৰি টাটা গ্ৰুপে অসমত কৰিব ওলোৱা আগন্তুক বিনিয়োগ সন্দৰ্ভত আলোচনা কৰে । উল্লেখ্যে যে, শেহতীয়াকৈ মুখ্যমন্ত্রী ড৹ শৰ্মাই মেগা প্লাণ্টৰ নির্মাণৰ কাম পৰিদৰ্শন কৰিছিল ।
ইতিমধ্যে সকলোৰে জ্ঞাত যে, অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন ৷ এই সন্মিলনলৈও মুখ্যমন্ত্ৰী ড৹ শৰ্মাই চন্দ্রশেখৰণকো আমন্ত্ৰণ জনায় ।
মুখ্যমন্ত্রী ড৹ শৰ্মাই X-ত লিখিছে, "আজি নতুন দিল্লীত @TataCompanies ৰ অধ্যক্ষ শ্ৰী এন চন্দ্ৰশেক্ৰণক লগ পাই সঁচাকৈয়ে আনন্দিত হ’লো । অসমত গোটটোৰ ৰোমাঞ্চকৰ বিনিয়োগৰ বিষয়ে আমাৰ কথা-বতৰা প্ৰেৰণাদায়ক আছিল আৰু #AdvantageAssam2 সন্মিলনত তেওঁক আদৰণি জনোৱাৰ বাবে মই আগ্ৰহেৰে বাট চাই আছো !"
ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে সন্ধিয়া গুৱাহাটীত ‘‘কিজুনা: ক’-ক্ৰিয়েটিং ইক’চিষ্টেমছ ফৰ চেঞ্জ - টেকন’লজি, এডুকেচন, এণ্ড লজিষ্টিকছ’’ শীৰ্ষক ভাৰত-জাপান বৌদ্ধিক সন্মিলনৰ পঞ্চম সংস্কৰণৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে । জাপানৰ দূতাবাস আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সহযোগত এছিয়ান কনফ্লুয়েন্সৰ উদ্যোগত আয়োজিত এই দুদিনীয়া সন্মিলনত ভাৰত আৰু জাপানৰ বিশেষজ্ঞ, নীতি নিৰ্ধাৰক আৰু অংশীদাৰসকলক একত্ৰিত কৰা হৈছে ।
উল্লেখ্যে যে, দিনে নিশাই পূৰ্ণ গতিত জাগীৰোডত টাটা ছেমিকণ্ডাক্ট প্ৰকল্পৰ নিৰ্মাণকাৰ্য চলি আছে । টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ বুজ লোৱাৰ লগতে কেতিয়াবা পৰিদৰ্শন কৰিবলৈ কেতিয়াবা উপস্থিত হৈছে অসমৰ মুখ্যমন্ত্ৰী আন কেতিয়াবা আকৌ কেন্দ্ৰীয় মন্ত্ৰী । বৃহস্পতিবাৰে অতি ক্ষিপ্ৰতাৰে জাগীৰোডত নির্মাণকাৰ্য চলি থকা টাটা ছেমিকণ্ডাক্টৰ এচেম্বলি এণ্ড টেষ্ট প্ৰকল্প পৰিদৰ্শন জাপানৰ ৰাষ্ট্ৰদূত আৰু এটা প্ৰতিনিধি দলে ।