পুৰী :বৃহস্পতিবাৰে ওড়িশাত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ ওড়িশাৰ পুৰীত উপস্থিত হৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই শ্ৰীশ্ৰী জগন্নাথ মন্দিৰত মূৰ দোৱাই ভগৱানৰ আশিস লয় ৷ তাৰ পাছতে তেওঁ পুৰী ভ্ৰমণ কৰে ।
সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয়, "আজি ওড়িশাত বিজেপি চৰকাৰ গঠনৰ ছয় মাহ হ’ল । বিশ্বত শান্তি প্ৰতিষ্ঠা হওক, ভাৰতত শান্তি হওক আৰু সকলো মানুহ সুখী হওক তাৰ বাবে মই আজি ভগৱান জগন্নাথৰ ওচৰত প্ৰাৰ্থনা কৰিলো ।’’
বাংলাদেশত হিন্দুসকলৰ ওপৰত আক্ৰমণ সন্দৰ্ভত কি ক'লে ড৹ শৰ্মাই
‘‘চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত হিন্দুসকলৰ ওপৰত আক্ৰমণৰ ঘটনাটো অতিশয় চিন্তনীয় বিষয় । বাংলাদেশত ঘটা ঘটনাক যিমানেই নিন্দা নকৰো কিয় সিমানেই কম হ’ব । সংখ্যালঘুসকলক কেনেদৰে কেৱল ভাৰততে সুৰক্ষিত কৰা হয় সেয়া আপোনালোকে চাব পাৰে । বাকী দেশবোৰ যেনে পাকিস্তানে হওক বা বাংলাদেশে হওক, হিন্দু হওক বা নহওক, সেই দেশৰ সংখ্যালঘু নিৰাপদ নহয় । ই বৰ দুখৰ বিষয় । কিন্তু মোৰ বিশ্বাস যে প্ৰধানমন্ত্ৰীয়ে কূটনীতিৰ জৰিয়তে কিছু সমাধান বিচাৰি পাব । তেওঁ নিশ্চিতভাৱে আমাৰ হিন্দুসকলৰ সুৰক্ষাৰ বাবে কাম কৰিব ।"
বাংলাদেশৰ প্ৰসংগত
‘‘আমাৰ অসমৰ সীমান্তত আছে বাংলাদেশ । সেইবাবেই আমি অধিক চিন্তিত । মই কেৱল আমাৰ হিন্দুসকলৰ সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰিব পাৰো । আমি তেওঁলোকৰ সৈতে দৃঢ়তাৰে থিয় দিছো । এতিয়া আমাৰ প্ৰধানমন্ত্ৰীয়ে আমাৰ বৈদেশিক সচিবক বাংলাদেশলৈ পঠিয়াইছে । ইয়াৰ জৰিয়তে কিছু সমাধান পোৱা যাব বুলি মোৰ দৃঢ় বিশ্বাস । গতিকে, ৰাহুল গান্ধী হওক বা কংগ্ৰেছ হওক, ভেঁটি কেতিয়াও হিন্দুৰ পক্ষত নহয় । এইসকল লোকৰ বাবে আমাৰ দেশত অস্থিৰতা আহি আছে । তেওঁলোক কেতিয়াও হিন্দুৰ বাবে নাছিল, অনাগত দিনতো হিন্দু সমাজৰ সুৰক্ষাৰ বাবে একো নকৰে ।’’