অসম

assam

বিতৰ্কৰ মাজতে চৰকাৰী বাসগৃহ খালী কেজৰিৱালৰ - Arvind Kejriwal

Kejriwal Govt House : 2013 চনত মুখ্যমন্ত্ৰী হোৱাৰ সময়ত কেজৰিৱালে তিলক লেনত বাস কৰিছিল । 2015 চনৰ পৰা তেওঁ এই চৰকাৰী বাসভৱনত থাকিবলৈ লয় ।

By ETV Bharat Assamese Team

Published : 4 hours ago

Published : 4 hours ago

Kejriwal Govt House
বিতৰ্কৰ মাজতে চৰকাৰী বাসগৃহ খালী কেজৰিৱালৰ (ETV Bharat)

নিউজ ডেস্ক, ৪ অক্টোবৰ :দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগৰ পিছত অৰবিন্দ কেজৰিৱালে শুকুৰবাৰে তেওঁৰ চৰকাৰী বাসভৱন খালী কৰে । ৰাজনীতিত যোগদানৰ পূৰ্বে অৰবিন্দ কেজৰিৱালে দিল্লীৰ নিকটৱৰ্তী গাজিয়াবাদত তেওঁ পৰিয়ালৰ সৈতে বাস কৰিছিল ।

2013 চনত তেওঁ প্ৰথমবাৰৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী হোৱাৰ সময়ত কিছুদিনৰ বাবে আই টি অ'ৰ সমীপৰ তিলক লেনৰ চৰকাৰী ফ্লেটত আছিল । আনহাতে, আম আদমি পাৰ্টীৰ চৰকাৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে গঠন হোৱাৰ পিছত কেজৰিৱাল ২০১৫ চনৰ পৰা চিভিল লাইনছৰ এই চৰকাৰী ঘৰত বাস কৰি আহিছিল ।

অৱশ্যে আৰম্ভণিতে সকলো স্বাভাৱিক আছিল । এই ঘৰটোৰ এটা অংশতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ো চলি আছিল । কিন্তু ২০২০ চনত কেজৰিৱাল তৃতীয়বাৰৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত এই চৰকাৰী ভৱনটোৰ সৌন্দৰ্যবৰ্ধনৰ সিদ্ধান্ত গ্ৰহণ কৰে । তেতিয়াৰে পৰা চৰকাৰী আৱাসটো বিতৰ্কৰ মাজত সোমাই পৰে আৰু চৰ্চালৈ আহে । বিৰোধীয়ে ইয়াক 'চিচমহল' নাম দিয়ে ।

ইয়াৰ সৌন্দৰ্যবৰ্ধনৰ বাবে কোটি কোটি টকা খৰচ কৰা হয় । তেতিয়াৰে পৰা কেৱল আম আদমি পাৰ্টীৰ কেজৰিৱালৰ ঘনিষ্ঠ নেতাসকলৰ বাবেহে এই ঘৰটোত প্ৰৱেশৰ অনুমতি আছিল । আনহাতে, বাহিৰৰ পৰা অহা দৰ্শনাৰ্থীৰ বাবে এটা নিৰ্দিষ্ট এলেকা নিৰ্ধাৰণ কৰা হৈছিল । অৱশেষত অৰবিন্দ কেজৰিৱালে শুকুৰবাৰে এই ঘৰ এৰি যায় । তেওঁৰ বৰ্তমান ঠিকনা হ'ব আম আদমি পাৰ্টীৰ সাংসদ অশোক মিট্টালৰ নতুন দিল্লীৰ ফিৰোজশ্বাহ ৰোডৰ ৫ নম্বৰ বাংলো ।

উল্লেখ্য যে চিভিল লাইনছ ৬ ফ্লেগ ষ্টাফ ৰোডত অৱস্থিত এই চৰকাৰী ঘৰটোৰ নৱীকৰণৰ নামত প্ৰায় ৪৫ কোটি টকা ব্যয় কৰা হৈছে । কংগ্ৰেছ নেতা অজয় মাকেন, বিজেপি নেতা মনোজ তিৱাৰী আৰু ৰামবীৰ সিং বিধুৰীয়ে বিষয়টো সন্দৰ্ভত প্ৰথমে অভিযোগ কৰে । তাৰ পিছত লেফটেনেণ্ট গৱৰ্ণৰে বিষয়টোৰ অনিয়মৰ তদন্ত কৰে । চৰকাৰী গৃহত কৰা নৱীকৰণ সন্দৰ্ভত লেফটেনেণ্ট গৱৰ্ণৰে তদানীন্তন মুখ্য সচিবৰ পৰা বিতং তথ্য বিচাৰে আৰু ইয়াৰ সৈতে সম্পৰ্কিত সকলো নথিপত্ৰ সুৰক্ষিত ৰাখিবলৈ কয় ।

লগতে পঢ়ক :তিৰুপতি লাডু গোচৰ; স্বতন্ত্ৰ এছআইটি গঠনৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ - Tirupati Laddu controversy
লগতে পঢ়ক :কাৰাগাৰত বন্দীৰ জাতিগত বৈষম্য উপনিবেশবাদীৰ এক অৱশেষ; উচ্চতম ন্যায়ালয় - SC on Caste Discrimination

ABOUT THE AUTHOR

...view details