ইটানগৰ (অৰুণাচল প্ৰদেশ):সীমান্ত সুৰক্ষা আৰু উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা এখন গুৰুত্বপূৰ্ণ বৈঠকত বৃহস্পতিবাৰে ইটানগৰৰ ৰাজ ভৱনত উত্তৰ-পূব সীমান্তৰ ইণ্ডো-তিব্বত সীমান্ত আৰক্ষীৰ মহাপৰিদৰ্শক অমিতাভ গুপ্তাই অৰুণাচলৰ প্ৰদেশৰ অৱসৰপ্ৰাপ্ত ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল কে টি পৰ্ণায়ক সাক্ষাৎ কৰে । লগতে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰে ৷ এই আলোচনাত সীমান্ত ব্যৱস্থাপনা, ভাইব্ৰেণ্ট বৰ্ডাৰ ভিলেজৰ কাৰ্যসূচী আৰু অন্যান্য ৰাজ্য কিছু মূল বিষয়বস্তু আদি সামৰি লোৱা হয় ।
ৰাজ্যপালগৰাকীয়ে অৰুণাচল প্ৰদেশৰ সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত ইণ্ডো-তিব্বত সীমান্ত আৰক্ষী (Indo-Tibetan Border Police চমুকৈ ITBP)ৰ গুৰুত্বপূৰ্ণ ভূমিকা আৰু অৱদানক প্ৰশংসা কৰে ৷ লগতে সীমান্ত অঞ্চলসমূহৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষকৈ ভাইব্ৰেণ্ট বৰ্ডাৰ ভিলেজ কাৰ্যসূচীৰ (Vibrant Border Village programme) জৰিয়তে ITBP ৰ সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।
অমিতাভ গুপ্তাই লগতে কয় যে এনে প্ৰচেষ্টা ৰাষ্ট্ৰৰ স্বাৰ্থত হ’ব আৰু ই স্থানীয় জনগোষ্ঠী আৰু ইণ্ডো-তিব্বত সীমান্ত আৰক্ষী (ITBP) উভয়ৰে বাবে পাৰস্পৰিকভাৱে লাভজনক হ’ব । সীমান্ত ব্যৱস্থাপনাৰ অভিজ্ঞতা ভাগ-বতৰা কৰি ৰাজ্যপালগৰাকীয়ে স্থানীয় লোকসকলকো জড়িত কৰাৰ পৰামৰ্শ দিয়ে । অমিতাভ গুপ্তাই নিয়মীয়া প্ৰশিক্ষণ, অনুশীলন, আৰু স্বতঃস্ফূৰ্ত টহল দিয়া আদি বিষয়সমূহৰ গুৰুত্ব ওপৰতো আলোকপাত কৰে ।