অসম

assam

ETV Bharat / bharat

অৰুণাচলৰ পাক্কে ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত মুকলি পখিলা উদ্যান

Butterfly Park: পখিলাৰ সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি অৰুণাচল প্ৰদেশৰ মন্ত্ৰী বিয়ুৰাম ৱাঘেয়ে মুকলি কৰে পখিলা উদ্যানখন ।

Butterfly Park
অৰুণাচলৰ পাক্কে ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত মুকলি পখিলা উদ্যান (ETV Bharat)

By ETV Bharat Assamese Team

Published : 5 hours ago

তেজপুৰ :অৰুণাচল প্ৰদেশ চৰকাৰৰ স্বাস্থ্য, পৰিয়াল কল্যাণ আৰু জলসম্পদ মন্ত্ৰী বিয়ুৰাম ৱাঘেয়ে শনিবাৰে পাক্কে ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত এক আকৰ্ষণী পখিলা উদ্যান(Butterfly Park) মুকলি কৰে । ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পশ্চিম পাৰৰ বন শিবিৰত অৱস্থিত এই নতুন উদ্যানখনৰ লক্ষ্য হৈছে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰচেষ্টা বৃদ্ধি কৰা আৰু অঞ্চলটোৰ পৰিৱেশ পৰ্যটনক উৎসাহিত কৰা ।

পাক্কে ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল

অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ চিজুছাস্থিত পাক্কে ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বন বিষয়া সত্যপ্ৰকাশ সিঙৰ লগতে চিজুছা মহকুমাৰ চক্ৰ বিষয়া আৰু অন্যান্য বিভাগৰ মুৰব্বীকে ধৰি জিলা বিষয়াসকলে এই অনুষ্ঠানত মন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনায় । অনুষ্ঠানত পাক্কে ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বন শ্বহীদসকলকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে মন্ত্ৰী ৱাঘেয়ে পখিলা উদ্যান মুকলি কৰে আৰু পখিলা তথ্য কেন্দ্ৰ পৰিদৰ্শন কৰে । য'ত পখিলাৰ স্থানীয় প্ৰজাতি আৰু ইয়াৰ পৰিৱেশগত ভূমিকা সম্পৰ্কে প্ৰদৰ্শনীৰ আয়োজন কৰা হয় । এই কেন্দ্ৰটোত ডিজিটেল ইন্টাৰেক্টিভ পেনেল আৰু ভাৰ্ছুৱেল ৰিয়েলিটি অভিজ্ঞতাও অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে দৰ্শনাৰ্থীসকলক পখিলাৰ জগতখনৰ এক আকৰ্ষণীয় আৰু তথ্যসমৃদ্ধ অভিজ্ঞতা দিব পাৰে ।

বহন ক্ষমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে । ইয়াৰ উপৰিও মন্ত্ৰীগৰাকীয়ে পাক্কে ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ স্নিফাৰ ডগ ইউনিট আৰু চোৰাং চিকাৰ বিৰোধী প্ৰচেষ্টাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ব্যৱস্থাসমূহৰ বুজ লয় । ৱাঘেয়ে চিজুছাৰ হোমষ্টেৰ মালিকসকলক আৰ্থিক সাহায্য বিতৰণ কৰি ইক'-টুৰিজিম আৰু স্থানীয় অৰ্থনৈতিক উৎসাহিত কৰে । ইফালে বন্যপ্ৰাণীৰ আক্ৰমণৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক হস্তী মানুহ সংঘাত (এইচইচি) প্ৰশমন কিট প্ৰদান কৰা হয় ।

পাক্কে ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল ৱেবছাইট মুকলি

মন্ত্ৰীগৰাকীয়ে সংৰক্ষণ, পৰ্যটন আৰু জৈৱ বৈচিত্ৰ্যৰ বিষয়ে সুলভ তথ্য প্ৰদান কৰা নতুন পাক্কে ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল ৱেবছাইটও মুকলি কৰে । অনুষ্ঠানত 'পিটিআৰৰ পখিলা' আৰু 'ছমিং নাৰ্মিং সাংস্কৃতিক গোট'ৰ ওপৰত এখন পুস্তিকাও মুকলি কৰা হয় । যিয়ে দৰ্শনাৰ্থীসকলক অঞ্চলটোৰ বৈচিত্ৰময় বন্যপ্ৰাণী আৰু সাংস্কৃতিক ঐতিহ্যৰ জ্ঞান দিব বুলি আশা কৰা হৈছে ।

ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে সংৰক্ষণৰ ক্ষেত্ৰত সম্প্ৰদায়ৰ সংযোগৰ গুৰুত্ব আৰু স্থানীয় পৰম্পৰা আৰু প্ৰাকৃতিক পৰিৱেশক সন্মান জনোৱা পৰিৱেশ পৰ্যটন পদ্ধতিৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে । তেওঁ পাক্কে ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলক অৰুণাচল প্ৰদেশৰ আদৰ্শ অভয়াৰণ্য হিচাপে প্ৰশংসা কৰে । পাক্কে ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত মুকলি কৰা পখিলা উদ্যানে পৰিৱেশ সংৰক্ষণ, সম্প্ৰদায়ৰ সমৰ্থন আৰু পৰিৱেশ শিক্ষাৰ প্ৰতি অৰুণাচল প্ৰদেশৰ দায়ৱদ্ধতাৰ এক অন্যতম উদাহৰণ হিচাপে পৰিগণিত হৈছে ।

লগতে পঢ়ক :কাজিৰঙাত ২০২৪-২৫ পৰ্যটন বৰ্ষৰ প্ৰথম এমাহতে সংগ্ৰহ ৬৫ লাখ টকাৰ ৰাজহ

ABOUT THE AUTHOR

...view details