নেশ্যনেল ডেস্ক, 11 মে’ :তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে এক সংবাদমেলযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশ্ন কৰে যে যিহেতু তেওঁ নিৰ্বাচিত প্ৰতিনিধিৰ অৱসৰৰ বয়স বিজেপিত 75 বছৰ হ’ব বুলি সিদ্ধান্ত লৈছিল, সেয়েহে তেওঁৰ ক্ষেত্ৰতো সেয়া প্ৰযোজ্য হ’বনে ?
মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে কয়, "এজন নিৰ্বাচিত প্ৰতিনিধিৰ বাবে বিজেপিত অৱসৰৰ বয়স হিচাপে 75 বছৰ কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে । এইদৰে তেওঁ বলপূৰ্বকভাৱে আদৱানী, মুৰুলী মনোহৰ যোশী আৰু আন আন জ্যেষ্ঠ নেতাৰ বিৰুদ্ধে সিদ্ধান্ত লৈছে । নৰেন্দ্ৰ মোদীয়ে 75 বছৰত ভৰি দিবলৈ মাত্ৰ এবছৰ বাকী আছে । মই সেই একেটা প্ৰশ্নই নৰেন্দ্ৰ মোদীক সুধিব বিচাৰিছো ৷ আপুনি 75 বছৰ বয়সত অৱসৰ ল’বলৈ সাজু নে ?"
মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে প্ৰধানমন্ত্ৰী মোদীক তেওঁৰ অৰ্থনৈতিক নীতি সন্দৰ্ভতো প্ৰশ্ন তোলে । ৰেড্ডীয়ে আৰু কয়, "মই আপোনালোকক এটা কথা সোঁৱৰাই দিব বিচাৰিছো । 1947 চনৰ পৰা 2014 চনলৈকে 14 জন প্ৰধানমন্ত্ৰীয়ে, প্ৰায় 67 বছৰ ধৰি, 55 লাখ কোটি ঋণ লৈছে । প্ৰধানমন্ত্ৰী মোদীয়ে 113 লাখ কোটি ঋণ গ্ৰহণ কৰিছে । তেওঁ এই দেশখন ধ্বংস কৰিলে ।
‘‘দেশখন সংকটৰ মুখামুখি হৈছে । গতিকে তেওঁ যি নথি-পত্ৰ দাখিল কৰিছে, আমি সেই নথি-পত্ৰবোৰক বিশ্বাস নকৰো ৷ কাৰণ তেওঁ নিৰ্বাচনত জয়ী হ'বলৈ যিকোনো পৰ্যায়লৈ যাব পাৰে ।" তেওঁ কয় ৷