অসম

assam

ETV Bharat / bharat

বিভাজনৰ বিষয়ত আজি অন্ধ্ৰ-তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ বৈঠক - Andhra Telangana CMs Meet

Andhra-Telangana CMs Meet : ৰাজ্য দুখনৰ মাজত এক দশক ধৰি স্থগিত হৈ থকা বিভাজনৰ সমস্যা সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী দুগৰাকী শনিবাৰে বৈঠকত মিলিত হ'ব । এই বৈঠকৰ যথেষ্ট গুৰুত্ব আছে । কিয়নো মুখ্যমন্ত্ৰী হিচাপে ক্ষমতা গ্ৰহণ কৰাৰ পিচত দুয়োগৰাকীয়ে প্ৰথমবাৰৰ বাবে বৈঠকত মিলিত হ'বলৈ গৈ আছে ।

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 1:40 PM IST

Andhra-Telangana CMs Meet
তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী (ETV Bharat)

নিউজ ডেস্ক, 6 জুলাই :অবিভক্ত অন্ধ্ৰপ্ৰদেশৰ পৰা বিভাজিত হৈ নতুন ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰাৰ পিচৰে পৰা তেলেংগানা আৰু অন্ধ্ৰৰ মাজত বিভিন্ন ভূ-ৰাজনৈতিক সমস্যাৰ সৃষ্টি হৈ আহিছে । এই ক্ষেত্ৰত দুয়োখন ৰাজ্যই আলোচনাৰ জৰিয়তে সমস্যাবোৰ সমাধানৰ চেষ্টা চলাই আহিছে যদিও তাৰ কোনো সমাধান সূত্ৰ ওলোৱা নাই ।

আনহাতে, তেলেগু ৰাজ্য দুখনৰ মাজত এক দশক ধৰি স্থগিত হৈ আছে বিভাজনৰ সময়ৰ সমস্যাবোৰ । এই স্থগিত হৈ থকা বিভাজনৰ সময়ৰ সমস্যাবোৰ সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী দুগৰাকীয়ে শনিবাৰে বৈঠকত মিলিত হ'ব । ইফালে এই বৈঠকৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাইছে । কিয়নো মুখ্যমন্ত্ৰী হিচাপে ক্ষমতা গ্ৰহণ কৰাৰ পিচত তেওঁলোক দুয়োৱে প্ৰথমবাৰৰ বাবে এই বৈঠকত মিলিত হ'বলৈ গৈ আছে । আনহাতে, দুয়োখন ৰাজ্যৰ সুখ্য সচিবেও এই বৈঠকত অংশগ্ৰহণ কৰিব ।

মুখ্যমন্ত্ৰী দুগৰাকীৰ বৈঠকৰ কাৰ্যসূচী

মুখ্য সমস্যাসমূহ

1. নৱম অনুসূচী প্ৰতিষ্ঠানৰ সম্পত্তিৰ বিভাজন

2. দশম অনুসূচী প্ৰতিষ্ঠানৰ সম্পত্তিৰ বিভাজন

3. আইনখনত উল্লেখ নকৰা প্ৰতিষ্ঠানসমূহৰ সম্পত্তিৰ বিভাজন

4. অন্ধ্ৰপ্ৰদেশ ৰাজ্যিক বিত্তীয় নিগমৰ বিষয়

5. শক্তি মাচুল

6. অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাৰ মাজত 15 টা বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ ঋণ বিভাজন

7. কৰ্মচাৰীৰ বিনিময়

8. শ্ৰমিক উপকৰ বিভাজন

9. উমৈহতীয়া প্ৰতিষ্ঠানসমূহৰ ওপৰত ব্যয়ৰ পৰিশোধ

10. হায়দৰাবাদত তিনিটা অট্টালিকাৰ দাবীদাৰ

নৱম অনুসূচীৰ প্ৰতিষ্ঠানসমূহ

শীলা ভিদে বিশেষজ্ঞ সমিতিয়ে 91 টা প্ৰতিষ্ঠানৰ ভিতৰত 89 টা মুখ্য কাৰ্যালয়ৰ সম্পত্তি বিভাজনৰ পৰামৰ্শ দিছিল ।

অন্ধ্ৰপ্ৰদেশে 89 টা প্ৰতিষ্ঠানৰ আটাইকেইটাৰ বাবে বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ সাজু আছিল ।

তেলেংগানাই কেৱল 68 টা প্ৰতিষ্ঠানৰ ক্ষেত্ৰত বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ সাজু আছিল ।

দশম অনুসূচীৰ প্ৰতিষ্ঠানসমূহ

  • শীলা ভিদে বিশেষজ্ঞ সমিতিয়ে 91 টা প্ৰতিষ্ঠানৰ ভিতৰত 89 টা মুখ্য কাৰ্যালয়ৰ সম্পত্তি বিভাজনৰ পৰামৰ্শ দিছিল ।
  • অন্ধ্ৰপ্ৰদেশে এই 89 টা প্ৰতিষ্ঠানৰ ভিতৰৰ আটাইকেইটাৰ বাবে পৰামৰ্শ সমিতিৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ সাজু আছিল ।
  • তেলেংগানাই মাত্ৰ 68 টা প্ৰতিষ্ঠানৰ বাবে পৰাসৰ্শ সমিতিৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ সাজু আছিল ।
লগতে পঢ়ক :কৃত্ৰিম বুদ্ধিমত্তা বিপ্লৱ : অন্ধ্ৰপ্ৰদেশ এক প্ৰযুক্তি শক্তিকেন্দ্ৰ হোৱাৰ পথ - AI Revolution in Andhra Pradesh
লগতে পঢ়ক :অন্ধ্ৰ প্ৰদেশত পদ্ম বিভূষণ ৰামোজী ৰাওৰ স্মৃতিত স্মৃতিচাৰণ সভাৰ আয়োজন চন্দ্ৰবাবু চৰকাৰৰ - Tribute to Ramoji Rao

ABOUT THE AUTHOR

...view details