অসম

assam

ETV Bharat / bharat

মাজ আকাশত জন্ম সন্তানৰ, চেন্নাই বিমানবন্দৰত বিমান অৱতৰণ - Woman gave birth in mid Air - WOMAN GAVE BIRTH IN MID AIR

Woman gives birth on flight from Singapore to Chennai : ভূমিত নহয়, এইবাৰ মাজ আকাশত জন্ম হ’ল এটি শিশু ৷ ছিংগাপুৰৰ পৰা চেন্নাই অভিমুখী এখন বিমানত অন্ধ্ৰৰ এগৰাকী গৰ্ভৱতী মহিলাই জন্ম দিয়ে সন্তান ৷

Andhra Pregnant woman gave birth in mid Air; landed Chennai Airport
অন্ধ্ৰৰ এগৰাকী গৰ্ভৱতী মহিলাই মাজ আকাশত জন্ম দিলে সন্তান (ANI)

By ETV Bharat Assamese Team

Published : Aug 22, 2024, 10:46 PM IST

নেশ্যনেল ডেস্ক, ২২ আগষ্ট : ছিংগাপুৰৰ পৰা চেন্নাই অভিমুখী ইণ্ডিগ’ এয়াৰলাইন্সৰ এখন যাত্ৰীবাহী বিমান ৷ ছিংগাপুৰৰ পৰা ১৭৯ গৰাকী যাত্ৰীসহ উৰা মৰা বিমানখনে আজি (বৃহস্পতিবাৰ) পুৱা চেন্নাইত উপস্থিত হয় । মাজ আকাশত থকা সময়ছোৱাতে এগৰাকী গৰ্ভৱতী মহিলাই প্ৰসৱ বেদনাত চটফটাবলৈ ধৰে ৷

নিৰুপায় সকলো ৷ কিয়নো মাজ আকাশত থকা বিমানখন ইচ্ছা কৰিলেও কোনো বিমানবন্দৰত ৰখাব পৰাৰ সুবিধা নাছিল ৷ বিমানকৰ্মীসকলে পাৰ্যমানে সহায় কৰিছিল প্ৰসৱ বেদনাত চটফটাই থকা মহিলাগৰাকীক ৷ জানিব পৰা মতে, মহিলাগৰাকী হৈছে অন্ধ্ৰ প্ৰদেশৰ বিজয়াৱাড়াৰ বাসিন্দা দীপথিছাৰিছু বীৰা ভেংকটাৰমণ (বয়স ২৮) ।

প্ৰথমাৱস্থাত যেতিয়া মহিলাগৰাকীয়ে প্ৰসৱ বেদনাত চটফটাবলৈ ধৰে, তেতিয়া তেওঁৰ পৰিয়ালে বিমান পৰিচাৰিকা বা ক্ৰু’ মেম্বাৰক খবৰ দিয়ে ৷ ইয়াৰ পাছতে অকণো পলম নকৰি বিমান পৰিচাৰিকাসকলে মুখ্য পাইলটক এই সন্দৰ্ভত অৱগত কৰে ৷ তাৰ পাছতে পাইলটে লগে লগে চেন্নাই বিমানবন্দৰৰ নিয়ন্ত্ৰণ কক্ষক খবৰ দিয়ে ।

ইফালে গৰ্ভৱৰ্তী মহিলাগৰাকী বহি থকা কাষৰ সকলো পুৰুষ যাত্ৰীক সেই স্থানৰ পৰা স্থানান্তৰ কৰি অন্য স্থানত বহিবলৈ দিয়া হয় ৷ তাৰ পাছতে বিমানখনৰ ভিতৰত মহিলাগৰাকী থকা স্থানত বিমান পৰিচাৰিকাসকলে খৰখেদাকৈ স্ক্ৰীণ আঁৰি দিয়ে ৷ পৰৱৰ্তী সময়ত মহিলা চিকিৎসক আৰু বিমানখনৰ জ্যেষ্ঠ কিছু মহিলা যাত্ৰীৰ সহায়ত গৰ্ভৱতী মহিলাগৰাকীয়ে এটি ল’ৰা সন্তান জন্ম দিয়ে ৷

লগতে পঢ়ক :এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাৰ আতংক: বিমানখনত আছে 135 গৰাকী যাত্ৰী - Bomb Threat on Air India Flight

বিমানত থকা গৰ্ভৱতী মহিলাগৰাকীয়ে মাতৃ আৰু সন্তানক বচাবলৈ বিমান পৰিচাৰিকাসকলে গ্ৰহণ কৰা পদক্ষেপক ধন্যাবাদ জ্ঞাপন কৰে ৷ এনে পৰিস্থিতিৰ মাজতে আজি পুৱা ৪.৩০ বজাত চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে ইণ্ডিগ’ এয়াৰলাইন্সৰ এই যাত্ৰীবাহী বিমানখনে ।

আনহাতে, পূৰ্বেই যিহেতু পাইলটে চেন্নাই বিমানবন্দৰৰ নিয়ন্ত্ৰণ কক্ষক এই সন্দৰ্ভত অৱগত কৰিছিল ৷ সেয়েহে বিমানখন অৱতৰণ হোৱা চেন্নাই বিমানবন্দৰৰ ৰাণৱেত বিমানবন্দৰৰ এটা চিকিৎসাৰ দল ৰৈ আছিল ।

বিমানখন চেন্নাইত অৱতৰণ কৰাৰ লগে লগে চিকিৎসাৰ দলে বিমানখনৰ ভিতৰলৈ আহি মাতৃ আৰু সন্তানৰ স্বাস্থ্য পৰীক্ষা কৰে । তাৰ পাছতে মাতৃ আৰু শিশুটিক বিমানৰ পৰা নমাই এম্বুলেন্সেৰ জৰিয়তে চেন্নাইৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । ইয়াৰ পিছতহে বিমানখনৰ আন যাত্ৰীসকলক বিমানখনৰ পৰা নামিবলৈ দিয়া হয় ।

লগতে পঢ়ক :ইণ্ডিগ’ত 100 খন সৰু বিমানৰ নৱ সংযোজন - IndiGo

ABOUT THE AUTHOR

...view details