অসম

assam

ETV Bharat / bharat

দিল্লীৰ পৰা ঢাকালৈ এয়াৰ ইণ্ডিয়াৰ বিমান বাতিল - Bangladesh Crisis - BANGLADESH CRISIS

Bangladesh Crisis: বাংলাদেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এয়াৰ ইণ্ডিয়াই বাংলাদেশৰ ৰাজধানী ঢাকালৈ পুৱাৰ বিমান বাতিল কৰিছে । একেদৰে ইণ্ডিগ' আৰু ভিস্তাৰাইও মঙলবাৰে ঢাকালৈ সকলো বিমান বাতিল কৰিছে ।

Bangladesh Crisis
দিল্লীৰ পৰা ঢাকালৈ এয়াৰ ইণ্ডিয়াৰ বিমান বাতিল (ANI)

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 2:46 PM IST

নেশ্যনেল ডেস্ক,৬ আগষ্ট :চুবুৰীয়া দেশ বাংলাদেশত উত্তেজনা অব্যাহত আছে । প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰি দেশৰ পৰা পলায়ন কৰিছে । দেশখনত অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ ঘোষণা কৰা হৈছে । প্ৰতি মুহূৰ্ততে নতুন নতুন স্থানত প্ৰতিবাদকাৰীয়ে আক্ৰমণ কৰা দেখা গৈছে । এনে পৰিস্থিতিত বিশ্বত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ঢাকালৈ বিমান বাতিল :

চৰকাৰ বিৰোধী ব্যাপক প্ৰতিবাদৰ মাজতে এয়াৰ ইণ্ডিয়াই মঙলবাৰে পুৱা দিল্লীৰ পৰা ঢাকালৈ বিমান বাতিল কৰিছে । দুগৰাকী বিষয়াই জনোৱা মতে ইণ্ডিগ' আৰু ভিস্তাৰাই মঙলবাৰে বাংলাদেশৰ ৰাজধানী ঢাকালৈ সকলো বিমান বাতিল কৰিছে । উল্লেখ্য যে ভিস্তাৰাই মুম্বাইৰ পৰা দৈনিক বিমান আৰু দিল্লীৰ পৰা ঢাকালৈ সাপ্তাহিক বিমান সেৱা পৰিচালনা কৰে ।

এয়াৰলাইনৰ এগৰাকী বিষয়াই মঙলবাৰে কয় যে এয়াৰ ইণ্ডিয়াই ঢাকালৈ পুৱা বিমান বাতিল কৰিছে আৰু বাংলাদেশৰ ঢাকালৈ সন্ধিয়াৰ বিমানখন পৰিচালনা কৰিব নে নাই সেই বিষয়ে পিচত সিদ্ধান্ত লোৱা হ'ব । সময়সূচী অনুসৰি এয়াৰ ইণ্ডিয়াই দিল্লীৰ পৰা ঢাকালৈ দৈনিক দুখন বিমান পৰিচালনা কৰি আছে ।

এয়াৰ ইণ্ডিয়াৰ এজন মুখপাত্ৰই কয়,"বাংলাদেশৰ বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি তাৎক্ষণিকভাৱে ঢাকালৈ অহা-যোৱা কৰা আমাৰ বিমানৰ নিৰ্ধাৰিত পৰিচালনা বাতিল কৰিছো । আমি নিৰন্তৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছো আৰু পুনৰ নিৰ্ধাৰণ আৰু বাতিলকৰণ মাচুলৰ ওপৰত ৰেহাই দিয়াৰ সৈতে আমাৰ যাত্ৰীসকলক সমৰ্থন আগবঢ়াই আছো ।"

বাংলাদেশত প্ৰতিবাদ :

উল্লেখ্য যে চৰকাৰী নিযুক্তিত সংৰক্ষণ ব্যৱস্থাক লৈ বাংলাদেশত প্ৰতিবাদ অব্যাহত আছে । ইতিমধ্যে প্ৰতিবাদে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে । প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰিছে আৰু ভাৰতত উপস্থিত হৈছে ।

লগতে পঢ়ক :আৱামী লীগৰ নেতাৰ হোটেলত অগ্নিসংযোগ; নিহত ৮ - Bangladesh crisis

ABOUT THE AUTHOR

...view details