অসম

assam

ETV Bharat / bharat

কৃষকৰ পদযাত্ৰা ভেটিবলৈ সষ্টম আৰক্ষী; সীমান্তত স্থাপন কৰা হৈছে চিমেণ্টযুক্ত বেৰিকেড - Farmers Delhi Chalo march

Punjab-Haryana border sealed for Farmers: পঞ্জাৱ, হাৰিয়ানাৰ কৃষকসকলে পুনৰ গ্ৰহণ কৰিছে ‘দিল্লী চলো’ পদযাত্ৰা ৷ 13 ফেব্ৰুৱাৰী, মঙলবাৰে কৃষকসকলে ৰাষ্ট্ৰীয় ৰাজধানীলৈ যাত্ৰা কৰাৰ পূৰ্বে দেওবাৰে দিল্লী আৰক্ষীয়ে উত্তৰ-পূব দিল্লীত আৰু চুবুৰীয়া ৰাজ্য উত্তৰ প্ৰদেশ সীমান্তত ফৌজদাৰী কাৰ্যবিধিৰ অধীনত 144 ধাৰা জাৰি কৰিছে ৷ কৃষকৰ পদযাত্ৰাক ভেটিবলৈ বহুসংখ্যক জোৱানৰ লগতে লোহাৰ পাত্ৰ আৰু চিমেণ্টযুক্ত বেৰিকেড সীমান্তত স্থাপন কৰা হৈছে ৷

Ahead of farmers' march on Feb 13, Section 144 enforced on Delhi-UP borders
কৃষকৰ পদযাত্ৰাক ভেটিবলৈ সষ্টম আৰক্ষী

By ANI

Published : Feb 12, 2024, 10:08 AM IST

নেশ্যনেল ডেস্ক, 12 ফেব্ৰুৱাৰী:কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী নীতিৰ প্ৰতিবাদ জনাই পঞ্জাৱ, হাৰিয়ানাৰ কৃষকসকলে পুনৰ গ্ৰহণ কৰিছে ‘দিল্লী চলো’ পদযাত্ৰা13 ফেব্ৰুৱাৰী, মঙলবাৰে কৃষকসকলে ৰাষ্ট্ৰীয় ৰাজধানীলৈ যাত্ৰা কৰাৰ পূৰ্বে দেওবাৰে দিল্লী আৰক্ষীয়ে উত্তৰ-পূব দিল্লীত আৰু চুবুৰীয়া ৰাষ্ট্ৰ উত্তৰ প্ৰদেশ সীমান্তত ফৌজদাৰী কাৰ্যবিধিৰ অধীনত 144 ধাৰা জাৰি কৰিছে ৷ আইন-শৃংখলা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই ধাৰা জাৰি কৰা হৈছে ৷

ৰাজধানীৰ ছাহাদৰা আৰু গান্ধী নগৰ অঞ্চলত 144 ধাৰা জাৰি কৰাৰ কথাও ঘোষণা কৰিছে ৷ 11 মাৰ্চলৈকে বৃহৎ জনসমাৱেশ নিষিদ্ধ কৰা হৈছে ৷ কৃষিজাত সামগ্ৰীৰ বাবে নূন্যতম সমৰ্থন মূল্য (MSP) নিশ্চিত কৰাৰ বাবে পৃথক আইন আৰু পূৰ্বৰ বিক্ষোভসমূহৰ সময়চোৱাত কৃষকৰ বিৰুদ্ধে দাখিল কৰা গোচৰ প্ৰত্যাহাৰ কৰাকে ধৰি কেবাটাও দাবীৰ সমৰ্থনত প্ৰায় 200 টাকৈ কৃষক সংঘই আয়োজন কৰা ‘দিল্লী চলো’ পদযাত্ৰাৰ পূৰ্বে জাৰি কৰা হৈছে এই 144 ধাৰা ।

আৰক্ষীয়ে দেওবাৰে কয়, "তথ্য লাভ কৰা হৈছে যে একাংশ কৃষক সংগঠনে এম এছ পি আৰু অন্যান্য বিষয়ত পৃথক আইনৰ দাবী জনায় 13 ফেব্ৰুৱাৰীত বিভিন্ন কৃষক সংগঠনক একত্ৰিত হৈ দিল্লীলৈ পদযাত্ৰা কৰিবলৈ আহ্বান জনাইছে । তেওঁলোকৰ দাবী পূৰণ নোহোৱা পৰ্যন্ত তেওঁলোকে দিল্লীৰ সীমান্তত বহি থকাৰ সম্ভাৱনা আছে । কোনো ধৰণৰ অশুভ কাণ্ডৰ পৰা হাত সাৰিবলৈ আৰু আইন-শৃংখলা বজাই ৰাখিবলৈ অঞ্চলটোৰ জীৱন আৰু সম্পত্তি ৰক্ষাৰ বাবে ফৌজদাৰী কাৰ্যবিধিৰ অধীনত 144 নং ধাৰা জাৰি কৰিব লাগিব ।"

তদুপৰি, নিৰ্দেশনা অনুসৰি দিল্লী আৰক্ষীৰ উত্তৰ-পূব জিলাৰ পৰিসৰৰ ভিতৰত উত্তৰ প্ৰদেশ সীমান্তৰ সকলো আৰু সমীপৱৰ্তী এলেকাত জনসমাৱেশ নিষিদ্ধ হৈ থাকিব ।

উত্তৰ প্ৰদেশৰ পৰা দিল্লীত প্ৰতিবাদকাৰী কঢ়িয়াই অনা ট্ৰেক্টৰ, ট্ৰলী, বাছ, ট্ৰাক, বাণিজ্যিক বাহন, ব্যক্তিগত বাহন, ঘোঁৰা আদি প্ৰৱেশত নিষিদ্ধ কৰা হৈছে । উত্তৰ-পূব জিলা আৰক্ষীয়ে প্ৰতিবাদকাৰীক দিল্লীত প্ৰৱেশত বাধা দিয়াৰ বাবে সকলো প্ৰচেষ্টা চলাব বুলি নিৰ্দেশনা জাৰি কৰা হৈছে ৷ কোনো ব্যক্তি বা প্ৰতিবাদকাৰীয়ে আগ্নেয়াস্ত্ৰ, তৰোৱাল, ত্ৰিশূল, বৰশী, লাঠি, ৰ’ড আদিকে ধৰি অস্ত্ৰ বহন কৰিব নোৱাৰিব বুলিও নিৰ্দেশনাটোত উল্লেখ আছে ।

আৰক্ষীয়ে কয়, "উত্তৰ-পূব জিলা আৰক্ষীয়ে এই ব্যক্তিসকলক প্ৰৱেশ স্থানতে আটক কৰিবলৈ সকলো প্ৰচেষ্টা চলাব । এই আদেশৰ উলংঘা কৰি কাম কৰা দেখা পোৱা যিকোনো ব্যক্তিক 1860 ৰ ভাৰতীয় দণ্ডবিধিৰ 188 নং ধাৰাৰ অধীনত শাস্তি প্ৰদান কৰা হ’ব ৷ ‘দিল্লী চালো’ পদযাত্ৰাৰ পূৰ্বে আম্বালা, জিন্দ আৰু ফাতেহাবাদ জিলাৰ পঞ্জাৱ-হাৰিয়ানা সীমান্ত ছীল কৰাৰ বিশদ পৰিকল্পনাও চলি আছে ।"

দিল্লীৰ আৰক্ষী আয়ুক্ত সঞ্জয় অৰোৰাই টিকৰি, সিংহু আৰু গাজীপুৰ সীমান্ত পৰিদৰ্শন কৰি নিৰাপত্তা দিশৰ বুজ লোৱাৰ লগতে নিয়োজিত জোৱানসকলক প্ৰতিটো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ কয় । সূত্ৰ অনুসৰি দিল্লীৰ এই তিনিটা সীমান্ত অঞ্চলত কেন্দ্ৰীয় সশস্ত্ৰ বাহিনী নিয়োগৰ বাবে অনুৰোধ জনোৱা হৈছে ।

এক সূত্ৰই kয়, "এই সীমান্ত অঞ্চলসমূহৰ প্ৰতিটোতে 1000ৰ পৰা 1500 পৰ্যন্ত দিল্লী আৰক্ষীৰ জোৱান নিয়োগ কৰা হ'ব । অৱশ্যে এই অঞ্চলসমূহৰ পৰিস্থিতি অনুসৰি নিয়োগৰ আৰ্হি আৰু জোৱানৰ সংখ্যা সলনি হ'ব । ইয়াৰ উপৰিও লোহাৰ পাত্ৰ আৰু চিমেণ্টযুক্ত বেৰিকেড সীমান্তত স্থাপন কৰা হৈছে আৰু প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰা হ’ব ।"

এই পদযাত্ৰা কাৰ্যসূচীৰ দ্বাৰা কৃষকসকলে কৃষিজাত সামগ্ৰীৰ এম এছ পিৰ নিশ্চয়তা প্ৰদান কৰাৰ লগতে স্বামীনাথন আয়োগৰ পৰামৰ্শ কাৰ্যকৰী, কৃষক আৰু কৃষি শ্ৰমিকৰ পেঞ্চন, কৃষি ঋণ ৰেহাই, কৃষকৰ বিৰুদ্ধে আৰক্ষীৰ গোচৰ প্ৰত্যাহাৰ আৰু লখিমপুৰ খেৰী হিংসাৰ বলি হোৱা লোকৰ বাবে "ন্যায়" প্ৰদানৰ দাবী উত্থাপন কৰিব ।

লগতে পঢ়ক:সংযুক্ত কিষাণ মৰ্চাৰ ৩ দিনীয়া প্ৰতিবাদ; মোহালি-চণ্ডীগড় সীমান্তত কৃষকৰ একত্ৰিত হুংকাৰ

ABOUT THE AUTHOR

...view details