নেশ্যনেল ডেস্ক, 20 জুলাই : কংগ্ৰেছৰ প্ৰাক্তন নেতা আচাৰ্য প্ৰমোদ কৃষ্ণমে শনিবাৰে সদ্য মুক্তি প্ৰাপ্ত ‘কল্কী 2898 এডি’ চিনেমাখনৰ প্ৰযোজক আৰু অভিনেতাসকললৈ এক আইনী জাননী প্ৰেৰণ কৰিছে ৷ বলীউডৰ কিংবদন্তি অভিনেতা অমিতাভ বচ্চন আৰু দক্ষিণৰ চলচ্চিত্ৰ জগতৰ তাৰকা প্ৰভাসৰ লগতে আন আন ব্যক্তিলৈ এই জাননী প্ৰেৰণ কৰা হৈছে ৷
আচাৰ্য প্ৰমোদ কৃষ্ণমে তেওঁৰ এই কাৰ্যৰ ওপৰত বক্তব্য ৰাখি কয় যে চলচ্চিত্ৰখনে হিন্দুসকলৰ ধৰ্মীয় অনুভূতিক আঘাত কৰিছে ৷ তেওঁ কয়, "ভাৰত হৈছে আৱেগ, বিশ্বাস আৰু ভক্তিৰ দেশ ৷ সনাতন ধৰ্মৰ মূল্যবোধৰ সৈতে খেলিমেলি কৰিব নালাগে ৷ সনাতনৰ শাস্ত্ৰ সলনি কৰিব নালাগে ৷ ভগৱান কল্কি নাৰায়ণ আমাৰ বিশ্বাসৰ কেন্দ্ৰত আছে ৷ তেওঁক ভগৱান বিষ্ণুৰ অন্তিম অৱতাৰ বুলি গণ্য কৰা হয় ৷ পুৰাণত কল্কিৰ অৱতাৰ সম্পৰ্কে বহু কথা লিখা হৈছে আৰু ইয়াৰ ওপৰত আধাৰিত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে 19 ফেব্ৰুৱাৰীত শ্ৰী কল্কি ধামৰ আধাৰশিলা স্থাপন কৰে ৷"
আচাৰ্য প্ৰমোদ কৃষ্ণমে লগতে কয়, "এই চলচ্চিত্ৰখন আমাৰ শাস্ত্ৰত বৰ্ণনা কৰা কথাৰ বিপৰীতে ৷ এই চলচ্চিত্ৰখনে আমাৰ ধৰ্মীয় অনুভূতিক আঘাত কৰিছে ৷ সেয়েহে, আমি কিছুমান আপত্তি উল্লেখ কৰিছো আৰু সঁহাৰিৰ বাবে অপেক্ষা কৰি আছোঁ ৷ হিন্দুসকলৰ অনুভূতিৰ সৈতে খেলাটো চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে এক বিনোদন হৈ পৰিছে ৷ সাধুসকলক ৰাক্ষস হিচাপে চিত্ৰিত কৰা হৈছে ৷ মত প্ৰকাশৰ স্বাধীনতাৰ অৰ্থ এইটো নহয় যে আপুনি আমাৰ বিশ্বাসৰ সৈতে খেলিব পাৰে ৷"
আচাৰ্য প্ৰমোদৰ হৈ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ অধিবক্তা উজ্জল আনন্দ শৰ্মাই জাননীখন প্ৰেৰণ কৰিছে ৷