অসম

assam

ETV Bharat / bharat

34 বছৰীয়া পুৰণি গোচৰত গ্ৰেপ্তাৰ 90 বছৰীয়া বৃদ্ধক; এম্বুলেন্সত তুলি অভিযুক্তক আদালতলৈ নিলে আৰক্ষীয়ে

Chandauli assault case: এম্বুলেন্সত উঠি অভিযুক্ত আহিল আদালতলৈ ৷ দেখিয়ে লগে লগে জামিন মঞ্জুৰ কৰিলে আদালতে । কিন্তু কিয় ? গোচৰটো কি আছিল ?

Chandauli assault case
ঘটনাৰ ৩৪ বছৰৰ পিছত গ্ৰেপ্তাৰ অভিযুক্ত (ETV Bharat)

By ETV Bharat Assamese Team

Published : 4 hours ago

চান্দৌলি :১৯৯০ চনতে সংঘটিত হৈছিল এক মাৰপিটৰ ঘটনা । কিন্তু ৩৪ বছৰৰ পিছত হে গ্ৰেপ্তাৰ হ'ল ঘটনাৰ অভিযুক্ত । আদালতৰ নিৰ্দেশৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বৃদ্ধজনক । পিছে অভিযুক্তজনক দেখাৰ পিছতে ন্যায়াধীশে লগে লগে জামিন প্ৰদান কৰে ।

চান্দৌলিৰ মাৰপিটৰ ঘটনা

উত্তৰ প্ৰদেশৰ চান্দৌলিত প্ৰায় ৩৪ বছৰ পূৰ্বে সংঘটিত মাৰপিটৰ ঘটনাটোৰ অভিযুক্তজন হৈছে কেদাৰ মাল্লা । অমৰচীপুৰ গাঁৱৰ বাসিন্দা কেদাৰ মাল্লাৰ বয়স বৰ্তমান ৯০ বছৰ । আৰক্ষীয়ে জনোৱা মতে ১৯৯০ চনত তেওঁৰ চুবুৰীয়াৰ সৈতে কোনো বিষয়ক লৈ বিবাদ হৈছিল । যাৰ ফলত তেওঁলোকৰ মাজত মাৰপিট হৈছিল । চুবুৰীয়াই শ্বাহাবগঞ্জ আৰক্ষী থানাত আক্ৰমণৰ এক গোচৰ ৰুজু কৰিছিল । এই গোচৰটো ধাৰা ৩২৩ আৰু ৫০৪ৰ অধীনত পঞ্জীয়ন কৰা হৈছিল ।

তদন্তৰ অন্তত আৰক্ষীয়ে অভিযোগনামা আদালতত দাখিল কৰিছিল । প্ৰাৰম্ভিক দিনৰ পৰাই আদালতত চলি আছিল গোচৰটোৰ বিচাৰ । কেদাৰ মাল্লাও নিৰ্দিষ্ট দিনবোৰত আদালতত হাজিৰ হৈছিল । কিন্তু কিছু দিনৰ পিছতে গোচৰৰটো তেনেকৈয়ে পৰি থাকিল । বয়স বৃদ্ধি হোৱাৰ বাবে তেওঁ নিজেও ইয়াক অনুসৰণ কৰিবলৈও পাহৰি গ'ল । আনকি তেওঁৰ পৰিয়ালৰ সদস্যসকলেও এই ঘটনাটোৰ বিষয়ে পাহৰি গ'ল । ইফালে, গোচৰ ৰুজু কৰা চুবুৰীয়াজনেও ইয়াৰ প্ৰতি গুৰুত্ব দিয়া বন্ধ কৰিলে ।

আদালতৰ নিৰ্দেশত গ্ৰেপ্তাৰ বৃদ্ধক

শেহতীয়াকৈ, উচ্চতম ন্যায়ালয়ে ন্যায়পালিকাৰ সকলো অমীমাংসিত গোচৰ তাৎক্ষণিকভাৱে সমাধান কৰিবলৈ নিৰ্দেশ দিছিল । ইয়াৰ পিছতে এই গোচৰটোৰ সৈতে সম্পৰ্কিত ফাইলটো পুনৰ খোল খালে । বিচাৰ প্ৰক্ৰিয়াও আৰম্ভ হয় । কিন্তু কেদাৰ মাল্লা এই সম্পৰ্কে অজ্ঞাত আছিল । নিৰ্ধাৰিত তাৰিখত উপস্থিত হোৱাত বাৰে বাৰে বিফল হোৱাৰ বাবে অভিযুক্তৰ বিৰুদ্ধে ক্ষোভিত হয় ন্যায়াধীশ । সেয়ে আদালতে শ্বাহাবগঞ্জ আৰক্ষীক অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিবলৈ আৰু আদালতত হাজিৰ কৰাবলৈ নিৰ্দেশ দিয়ে ।

থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিৰ্জা ৰিজৱান বেগে জনোৱা মতে যেতিয়া আৰক্ষীয়ে অভিযুক্তজনক গ্ৰেপ্তাৰৰ বাবে ঘৰত উপস্থিত হৈছিল তেওঁলোকে দেখিছিল যে কেদাৰ মাল্লাৰ বয়স বহু বেছি আছিল । তেওঁ আনকি সহায় অবিহনে খোজ কাঢ়িবও পৰা নাছিল । কিন্তু আদালতৰ নিৰ্দেশ পালন কৰি অভিযুক্ত বৃদ্ধক এম্বুলেন্সৰ জৰিয়তে আদালতলৈ লৈ যোৱা হয় । কিন্তু তেওঁৰ বয়সৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়াধীশে লগে লগে জামিন মঞ্জুৰ কৰে ।

লগতে পঢ়ক :কানাডাৰ ওচৰত এতিয়াও পৰি ৰৈছে ভাৰতৰ 26টা প্ৰত্যাৰ্পণ অনুৰোধ; কোন 5 গৰাকী মোষ্ট ৱাণ্টেড

ABOUT THE AUTHOR

...view details