নিউজ ডেস্ক, ১২ অক্টোবৰ:গুজৰাটৰ মেহছানা জিলাত শনিবাৰে এটা নিৰ্মাণ ক্ষেত্ৰত সংঘটিত হয় এক শোকাৱহ ঘটনা । নিৰ্মাণ ক্ষেত্ৰটোত শ্ৰমিকে কাম কৰি থকাৰ সময়তেই মাটি খহি পৰাৰ ফলত ৯জন শ্ৰমিকৰ মৃত্যু হয় । জিলা সদৰৰ পৰা প্ৰায় ৩৭ কিলোমিটাৰ দূৰৰ কাদি চহৰৰ ওচৰত সংঘটিত হয় এই শোকাৱহ ঘটনাটো ।
শ্ৰমিকসকলে জাচলপুৰ গাঁৱৰ এটা কাৰখানাত ভূগৰ্ভস্থ টেংকৰ বাবে গাঁত খনন কৰি থকা অৱস্থাতেই ঢিলা মাটি খহি পৰাত শ্ৰমিককেইজনক মাটি আৰু শিলে হেঁচি ধৰে । ফলত মেহছানাত বোকামাটি আৰু শিলৰ তলত পোত যোৱাৰ ফলত ৯ জন শ্ৰমিকৰ মৃত্যু হয় । অৱশ্যে এজনক উদ্ধাৰ কৰা হয় ।
ঘটনাৰ বিৱৰণি অনুসৰি মেহছানাৰ কাদিৰ জাচলপুৰ গাঁৱৰ ওচৰত মিস্ত্ৰীৰ কাম কৰি থকা অৱস্থাত ভূমিস্খলন হয় । ফলত ৯ জন শ্ৰমিকৰ মৃত্যু হয়। অৱশ্যে এতিয়াও কেইবাজনো লোক শিলৰ তলত আৱদ্ধ হৈ আছে । এই ঘটনাটো সংঘটিত হোৱাৰ পিছতেই অভিযানকাৰী দলে উদ্ধাৰকাৰ্য আৰম্ভ কৰে ।