নেশ্যনেল ডেস্ক, ২২ এপ্ৰিল :শিক্ষাৰ্থীসকলৰ বাবে এক বিশেষ খবৰ ৷ ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা (নেট) আৰু পি এইচ ডি সন্দৰ্ভত দেওবাৰে বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ জগদেশ কুমাৰে উল্লেখ কৰিছে কেতবোৰ মন্তব্য ৷
চাৰি বছৰীয়া স্নাতক ডিগ্ৰী (এফ ৱাই ইউ পি) লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলে এতিয়া পোনপটীয়াকৈ UGC নেট দিব পাৰিব আৰু পি এইচ ডি-ও কৰিব পাৰিব । এই সিদ্ধান্ত লৈছে বিশ্ববিদ্যালয় অনুদান আয়োগ চমুকৈ UGC- এ ।
UGC -এ কয় যে জে আৰ এফ(JRF)ৰ লগতে বা ইয়াৰ অবিহনেও পি এইচ ডি কৰিবলৈ হ’লে ছাত্ৰ-ছাত্ৰীসকলে চাৰি বছৰীয়া স্নাতক কাৰ্যসূচীত কমেও ৭৫ শতাংশ নম্বৰ বা সমতুল্য গ্ৰেড লাভ কৰিব লাগিব ।
বৰ্তমানৰ ব্যৱস্থাত ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা (NET)ৰ বাবে ছাত্ৰ-ছাত্ৰীক ৫৫ শতাংশ নম্বৰৰ স্নাতকোত্তৰ (PG) ডিগ্ৰীৰহে প্ৰয়োজন । নতুন নিয়মৰ অধীনত এতিয়া চাৰি বছৰীয়া স্নাতক ডিগ্ৰীধাৰী ছাত্ৰ-ছাত্ৰীয়েও এই পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব ।
UGC ৰ অধ্যক্ষ অধ্যাপক এম জগদীশ কুমাৰৰ মতে, চাৰি বছৰীয়া স্নাতক কাৰ্যসূচী (এফ ৱাই ইউ পি) সম্পূৰ্ণ কৰি ডিগ্ৰী লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক প্ৰত্যক্ষভাৱে পি এইচ ডি কৰাৰ যোগ্য বুলি গণ্য কৰা হ’ব । এনে ছাত্ৰ-ছাত্ৰীয়ে NET পৰীক্ষাও দিব পাৰে ।