নেশ্যনেল ডেস্ক, 14 মে’:ছত্তীশগড়ত চলি থকা নক্সাল নিৰ্মূল অভিযানৰ ইতিবাচক প্ৰভাৱ দেখিবলৈ পোৱা গৈছে । মঙলবাৰে বিজাপুৰৰ আৰক্ষী অধীক্ষক আৰু অন্যান্য নিৰাপত্তা বাহিনীৰ বিষয়াৰ সন্মুখত আত্মসমৰ্পণ কৰে 30 জনকৈ নক্সালবাদী বিদ্ৰোহীয়ে । এই আটাইকেইজন নক্সালবাদী বিদ্ৰোহীয়ে ছত্তীশগড় চৰকাৰৰ পুনৰ্বাসন আৰু আত্মসমৰ্পণ নীতিৰ প্ৰভাৱত আত্মসমৰ্পণ কৰিছে ।
নক্সাল সংগঠন ত্যাগ কৰাৰ কাৰণ কি: কৰ্মৰ প্ৰতি অৱহেলা, বৈষম্যমূলক আচৰণ, নিৰ্যাতন, মাওবাদীৰ ফোপোলা মতাদৰ্শ আৰু সংগঠনৰ জনজাতীয় লোকৰ ওপৰত হোৱা অত্যাচাৰ আদি দিশবোৰে আত্মসমৰ্পণকাৰী নক্সালবাদীসকলক সংগঠন ত্যাগ কৰিবলৈ উৎসাহিত কৰিছিল । সেয়ে ৰাজ্য চৰকাৰৰ আত্মসমৰ্পণ নীতিত আপ্লুত হৈ ভাৰতৰ সংবিধানৰ প্ৰতি বিশ্বাস ৰাখি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে । আত্মসমৰ্পণৰ সময়ত তেওঁলোকক চৰকাৰৰ আত্মসমৰ্পণ আৰু পুনৰ্বাসন নীতিৰ অধীনত 25 হাজাৰ টকাকৈ নগদ ধন আগবঢ়োৱা হৈছিল ।
বিজাপুৰত আত্মসমৰ্পণ কৰা নক্সালবাদীসকল: আত্মসমৰ্পণ কৰা নক্সালবাদীসকলৰ ভিতৰত 9 জন নক্সালবাদীক পুৰস্কৃত কৰা হয় । তেওঁলোকৰ ওপৰত মুঠ 35 লাখতকৈ অধিক টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল ।
1) মিতকী কাকেম ওৰফে সৰিতা (35 বছৰ), 8 লাখ টকাৰ পুৰস্কাৰ
2) মুৰি মুহাণ্ডা ওৰফে সুখমতী (32 বছৰ), 8 লাখ টকাৰ পুৰস্কাৰ
3) ৰাজিতা ভেট্টী ওৰফে ৰামে (24 বছৰ), 5 লাখ টকাৰ পুৰস্কাৰ
4) দেৱে কোভাছি (২৪ বছৰ), 5 লাখ টকাৰ পুৰস্কাৰ
5) সীনু পদম ওৰফে চিন্না (27 বছৰ), 5 লাখ টকাৰ পুৰস্কাৰ
6) আয়তা সোধি (22 বছৰ), 5 লাখ টকাৰ পুৰস্কাৰ
7) আয়তু কৰম (50 বছৰ), 1 লাখ টকাৰ পুৰস্কাৰ
8) মুন্না হেমলা ওৰফে চান্দু (35 বছৰ), 1 লাখ টকাৰ পুৰস্কাৰ
9) আয়তু মিডিয়াম ওৰফে ভাৰ্গেশ (38 বছৰ), 1 লাখ টকাৰ পুৰস্কাৰ
10) নক্সালবাদী ছান্নু কৰম ওৰফে ডোৰা, পিতৃ আয়তু কৰম বয়স 24 বছৰ
11) নক্সালবাদী বামন কৰম (24 বছৰ),
12) নক্সালবাদী সুখৰাম কৰম (36 বছৰ),
13) নক্সালবাদী মানকু তাঁতী (35 বছৰ),
14) নক্সালবাদী মুন্না পোটাম ওৰফে মুকেশ (40 বছৰ),