অসম

assam

ETV Bharat / bharat

হাওৰাৰ ওচৰত ছেকেন্দ্ৰাবাদ-শালিমাৰ ছুপাৰফাষ্ট এক্সপ্ৰেছৰ 3 টা দবা লাইনচ্যুত - RAIL DERAIL NEAR HOWRAH

২২৮৫০ চনৰ ছেকেন্দ্ৰাবাদ-শালিমাৰ সাপ্তাহিক এক্সপ্ৰেছ খড়গপুৰ মণ্ডলৰ নলপুৰ ষ্টেচনৰ মাজেৰে গৈ থকাৰ সময়ত দবাকেইটা লাইনচ্যুত হয় ।

rail derail near Howrah
হাওৰাৰ ওচৰত 3 দবা লাইনচ্যুত (ANI)

By PTI

Published : Nov 9, 2024, 9:44 AM IST

কলকাতা :আন এক ভয়ানক ৰে'ল দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা । শনিবাৰে পুৱা প্ৰায় ৫.৩০ বজাত পশ্চিমবংগৰ হাওৰাৰ ওচৰত ছেকেন্দ্ৰাবাদ-শালিমাৰ ছুপাৰফাষ্ট এক্সপ্ৰেছৰ তিনিটা দবা লাইনচ্যুত হয় । দক্ষিণ-পূব ৰে'লৱেৰ সূত্ৰত এই কথা প্ৰকাশ ।

"কলকাতাৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰৈত নলপুৰত সাপ্তাহিক বিশেষ ৰে'লখন লাইনচ্যুত হয় । এতিয়ালৈকে কোনো হতাহত বা আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা হোৱা নাই ।" ৰে'লৱে সূত্ৰত প্ৰকাশ । লাইনচ্যুত দবাবোৰৰ ভিতৰত এটা পাৰ্চেল ভেনো আছিল বুলি জনোৱা হৈছে ।

২২৮৫০ চনৰ ছেকেন্দ্ৰাবাদ-শালিমাৰ সাপ্তাহিক এক্সপ্ৰেছখন খড়গপুৰ ডিভিজনৰ নলপুৰ ষ্টেচনৰ মাজেৰে গৈ থকাৰ সময়ত দবাকেইটা লাইনচ্যুত হোৱা বুলি প্ৰকাশ ।

ৰে'লৱেই প্ৰকাশ কৰা অনুসৰি, সন্তৰাগাছি আৰু খড়গপুৰৰ পৰা এখন দুৰ্ঘটনা সাহায্য ৰে'ল আৰু চিকিৎসা সাহায্য ৰে'ল তৎক্ষণাৎ সহায়ৰ বাবে প্ৰেৰণ কৰা হয় । যাত্ৰীসকলক কলকাতালৈ লৈ যোৱাৰ বাবে কেইখনমান বাছো প্ৰেৰণ কৰা হৈছে । অৱশ্যে দুৰ্ঘটনাৰ সময়ত ৰে'লখনৰ গতিবেগ একেবাৰে কম থকাৰ বাবে আন এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে ।

দক্ষিণ-পূব ৰে'লৱেৰ মুখ্য জনসংযোগ বিষয়া ওমপ্রকাশ চৰণে কয়, ‘‘পুৱা ৫.৩০ বজাত ছেকেন্দ্রাবাদ-শালিমাৰ সাপ্তাহিক এক্সপ্রেছৰ দুটা দবা আৰু এটি পাৰ্চেল ভেন খড়্গপুৰ মণ্ডলৰ নলপুৰৰ মাজেৰে যোৱাৰ সময়ত লাইনচ্যুত হয় । যাত্রীসকলৰ বিশেষ কোনো আঘাত হোৱা নাই । হতাহতৰ কোনো খবৰ পোৱা হোৱা নাই ।’’

‘‘সাতৰাগাছি আৰু খড়্গপুৰ পৰা সাহায্যকাৰী ৰে'ল ঘটনাস্থলীত উপস্থিত হৈছে । যাত্রীসকলক গন্তব্যস্থানলৈ লৈ যোৱাৰ বাবে ১০ খন বাছৰ ব্যৱস্থা কৰা হৈছে । যাত্রীসকলে গন্তব্যস্থানত উপস্থিত হোৱাৰ পিচত পৰিস্থিতি স্বাভাৱিক কৰাৰ প্রক্রিয়া আৰম্ভ হ'ব ।’’ ওমপ্রকাশ চৰণে কয় ৷

লগতে পঢ়ক :মণিপুৰতকৈও অসুৰক্ষিত ঝাৰখণ্ডৰ জনজাতীয় লোক : হিমন্ত বিশ্ব শৰ্মা
লগতে পঢ়ক :গাঁওৰক্ষী বাহিনীৰ দুই সদস্যক অপহৰণ কৰি হত্যা; ন্যায় বিচাৰি ৰাইজৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details