অসম

assam

By ETV Bharat Assamese Team

Published : May 7, 2024, 10:30 PM IST

ETV Bharat / bharat

বিদ্যালয় পৰিচালকৰ অবিবেচক কাণ্ড; শ্ৰেণীকোঠাত কীটনাশক ছটিয়াই অসুস্থ কৰিলে শিক্ষাৰ্থীক ! - STUDENT FELL ILL IN SONIPAT

Student Fell ill in Sonipat: শ্ৰেণীকোঠাত কীটনাশক ছটিওৱাৰ ফলত অসুস্থ 28 গৰাকী শিক্ষাৰ্থী ৷ ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হৈছে তিনিজনীয়া এটা দল ৷ দোষী সাব্যস্ত হ’লে বিদ্যালয় পৰিচালকৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব কঠোৰতম ব্যৱস্থা ৷

28-student-fall-ill-due-to-pesticide-spraying-in-lakshya-international-school-sonipat
বিদ্যালয় পৰিচালকৰ অবিবেচক কাণ্ড; শ্ৰেণীকোঠাত কীটনাশক ছটিয়াই অসুস্থ কৰিলে বহু শিক্ষাৰ্থীক (Etv bharat haryana)

নেশ্যনেল ডেস্ক, 7 মে’:বিদ্যালয় পৰিচালকৰ গাফিলতিৰ বাবে বিপদাপন্ন শিক্ষাৰ্থীৰ জীৱন ৷মঙলবাৰে সোনিপতৰ ঘাসোলী গাঁৱৰ লক্ষ্য আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়ৰ শ্ৰেণীকোঠাত কীটনাশক ছটিয়াই দিয়াৰ পিছত এজনৰ পিচত এজনকৈ বিদ্যালয়খনৰ প্ৰায় 28 গৰাকী শিক্ষাৰ্থীয়ে বমি কৰাৰ লগতে মূৰ ঘূৰোৱা আৰম্ভ হয় বুলি জানিব পৰা গৈছে । সৌভাগ্যক্ৰমে শিক্ষাৰ্থীকেইগৰাকীৰ জীৱন ৰক্ষা পৰিল বুলি জানিব পৰা গৈছে । এই ঘটনাই বিদ্যালয় প্ৰশাসনৰ গুৰুতৰ অৱহেলা উদঙাই দেখুৱাইছে ।

উল্লেখ্য যে, শেহতীয়াকৈ মহেন্দ্ৰগড়ত সংঘটিত হৈছিল স্কুল বাছ দুৰ্ঘটনা, যি দুৰ্ঘটনাই সমগ্ৰ হাৰিয়ানাৰ অভিভাৱকসকলক নিদ্ৰাহীনতাত ভোগাইছিল ৷ স্কুল বাছ এখন বাগৰি পৰাৰ ফলত 6 গৰাকীকৈ শিশুৰ মৃত্যু হৈছিল । ইয়াৰ পিছতো একাংশ বিদ্যালয় পৰিচালকে গাফিলতি কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে । মঙলবাৰে লক্ষ্য আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়ৰ পৰিচালনা সমিতিয়ে শ্ৰেণীটোত কীটনাশক স্প্ৰে’ কৰিছিল । ইয়াৰ পাচত ছাত্ৰ-ছাত্ৰী শ্ৰেণীকোঠালৈ আহিবলৈ আৰম্ভ কৰাৰ লগে লগে কীটনাশকৰ প্ৰভাৱত ইটোৰ পিছত সিটোকৈ 28 টা শিশুৰ স্বাস্থ্যৰ অৱনতি ঘটে ।

শিশুকেইটা অসুস্থ হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে বিদ্যালয় পৰিচালনা সমিতিয়ে আতংকিত হৈ পৰাত ছাত্ৰ-ছাত্ৰীসকলক খৰখেদাকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । চিকিৎসালয়ৰ এছ এম অ’ টিনাই কয়, "আমাৰ চি এইচ চিত 28 টা শিশুক ভৰ্তি কৰোৱা হৈছে । যিসকলৰ মূৰ ঘূৰোৱা যেন লাগিছিল । বিদ্যালয়ত কীটনাশক ছটিওৱা হয় । এতিয়া শিক্ষাৰ্থীসকল বিপদমুক্ত ।

এই সন্দৰ্ভত সোনিপত জিলা শিক্ষা বিষয়া নবীন গুলিয়াই কয়, "বিদ্যালয়খনত কীটনাশক ছটিয়াই দিয়া হৈছিল, যাৰ বাবে শিশুসকলৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল । অৱশ্যে এতিয়া শিক্ষাৰ্থীসকল বিপদমুক্ত । এই ঘটনাৰ তদন্তৰ বাবে তিনিজনীয়া এটা দল গঠন কৰা হৈছে । যদিহে গাফিলতি ধৰা পৰে তেন্তে বিদ্যালয় পৰিচালকৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷

লগতে পঢ়ক:4 ধৰ্ষণকাৰীক চূড়ান্ত শাস্তি প্ৰদানৰ লগতে নগদ ধনৰ জৰিমনা

ABOUT THE AUTHOR

...view details