অসম

assam

ETV Bharat / bharat

ভূমি বিবাদ: যুৱতীক জীৱন্তে সমাধিস্থ কৰাৰ চেষ্টা - Land Dispute in Pune - LAND DISPUTE IN PUNE

Land Dispute in Pune: মহাৰাষ্ট্ৰৰ পুনেৰ এখন গাঁৱত ভূমি বিবাদে ভয়ংকৰ ৰূপ ল'লে । এক্সকেভেটৰ আৰু ট্ৰেক্টৰ লৈ অহা এটা দুৰ্বৃত্তৰ দলে এগৰাকী যুৱতীক জীৱন্তে পুতি পেলোৱাৰ চেষ্টা কৰে । আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

Land Dispute in Pune
যুৱতীক জীৱন্তে সমাধিস্থ কৰাৰ প্ৰয়াস (ETV Bharat)

By ETV Bharat Assamese Team

Published : May 31, 2024, 8:27 PM IST

নেশ্যনেল ডেস্ক,৩১ মে': মহাৰাষ্ট্ৰৰ পুনেত ভয়ংকৰ ঘটনা সংঘটিত হৈছে । ভূমি বিবাদৰ বাবে এগৰাকী যুৱতীক জীৱন্তে পুতি থোৱাৰ অপচেষ্টা এজন লোকৰ । পুনেৰ ৰাজগড় তালুকৰ কোন্ধৱালে গাঁৱত সংঘটিত হৈছে এই ঘটনা । ভূমি বিবাদৰ পৰিণতি স্বৰূপে এজন লোকে এক্সকেভেটৰ আৰু ট্ৰেক্টৰৰ জৰিয়তে যুৱতীগৰাকীক পুতি থোৱাৰ চেষ্টা কৰে । ঘটনা সন্দৰ্ভত ভেলহা আৰক্ষী থানাত ৪ গৰাকী লোকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে ।

অভিযোগ অনুসৰি ৰাজগড় তালুকৰ কোন্ধৱালে গাঁৱত ট্ৰেক্টৰ আৰু এক্সকেভেটৰ লৈ একাংশ লোকে অবৈধভাৱে ভূমি দখল কৰিবলৈ চেষ্টা কৰিছিল । ভুক্তভোগী পৰিয়ালটোৰ মতে এক্সকেভেটৰ লৈ অহা ২৫ ৰ পৰা ৩০ জন লোকে যুৱতীগৰাকীৰ ওপৰত মাটি পেলাই দিছিল আৰু জীৱন্ত সমাধিস্থ কৰিবলৈ চেষ্টা কৰিছিল । ঘটনাটোৰ ভিডিঅ' সম্প্ৰতি ভাইৰেল হৈ পৰিছে । যুৱতীগৰাকী আৰু লোকসকলৰ মাজৰ বিবাদৰ দৃশ্যবোৰ ভিডিঅ'টো দেখা গৈছে । ভিডিঅ'টোত দেখা গৈছে যে যুৱতীগৰাকীক কঁকাললৈকে পুতি পেলোৱা হৈছিল ।

আৰক্ষীয়ে ঘটনাৰ ৪ মূল অভিযুক্তসহ ১৬ গৰাকী লোকৰ বিৰুদ্ধে গোচৰ কৰিছে । আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । ভুক্তভোগীয়ে অভিযোগ কৰা মতে তেওঁ আৰু তেওঁৰ দুই কন্যাই ফাৰ্মত কাম কৰি আছিল । সেই সময়তে অভিযুক্ত সম্ভাজী খোপদে ১৫ ৰ পৰা ১৬ জনীয়া গুণ্ডাৰ সৈতে এক্সকেভেটৰ আৰু ট্ৰেক্টৰ লৈ তাত উপস্থিত হৈছিল । লোকজনে তেওঁলোকক দাবী কৰিছিল যে সেই ভূমিখিনি তেওঁলোকৰ নামত আছে । তাত কোনো ধৰণৰ কাম নকৰিবলৈ অভিযুক্তজনে পৰিয়ালটোক সকীয়নি দিছিল । তাৰ পিচত যেতিয়া পৰিয়ালটোৱে প্ৰতিবাদ কৰিছিল এক্সকেভেটৰেৰে তাইক ঠেলি দিয়া হৈছিল আৰু তেওঁৰ গাৰ ওপৰত মাটি পেলাই দিয়া হৈছিল । এই ঘটনাৰ পিচতে পৰিয়ালটোৱে ভেলহা আৰক্ষীৰ কাষ চাপে ।

লগতে পঢ়ক :যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ সাংসদ প্ৰজ্বল ৰেভান্না - MP Prajwal Arrested

ABOUT THE AUTHOR

...view details