তেজপুৰ/বৰপেটা, 27 এপ্ৰিল:মণিপুৰত কুকি উগ্ৰপন্থীৰ আক্ৰমণত শ্বহীদ হ'ল অসমৰ এজন জোৱান ৷লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ অন্ত পৰাৰ পাচতেই পুনৰ হিংসাত্মক কাৰ্যকলাপ সংঘটিত হয় মণিপুৰত ৷ ৰাজ্যখনৰ নৰসেনা অঞ্চলত কুকি উগ্ৰপন্থীৰ আক্ৰমণত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ দুজন জোৱান নিহত হয়৷ মণিপুৰ আৰক্ষীয়ে শনিবাৰে এই বিষয়ে অৱগত কৰে ।
আৰক্ষীয়ে জনোৱা মতে, শনিবাৰে পুৱতি নিশা 1.15 বজাত মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ নৰসেনাস্থিত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ এটা চকীত অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে গুলীচালনা কৰে ৷ গুলীচালনাৰ পিচত চি আৰ পি এফ বাহিনীৰ কেম্পত গ্ৰেণেড নিক্ষেপ কৰে বুলি এক বিশেষ সূত্ৰত জানিব পৰা গৈছে । এই আক্ৰমণ গভীৰ নিশা অৰ্থাৎ 2:15 বজালৈকে চলে আৰু জোৱান দুজন শ্বহীদ হয় ।
নিহত জোৱান দুজন উপ পৰিদৰ্শক নাছিৰ উদ্দিন সৰকাৰ আৰু হেড কনিষ্টবল অৰূপ ছাইনী বুলি জানিব পৰা গৈছে । ইয়াৰে উপ-পৰিদৰ্শক নাছিৰ উদ্দিন সৰকাৰ আছিল বৰপেটাৰ ভেল্লাৰ বনবৰীয়া গাঁৱৰ ৷ চিআৰপিএফত কৰ্মৰত জোৱানগৰাকীয়ে নিৰ্বাচনী দায়িত্ব সামৰাৰ অন্তত উগ্ৰপন্থীৰ আক্ৰমণৰ বলি হ’বলগীয়া হয় ৷ আই আৰ বি এন শিবিৰত নিৰাপত্তা প্ৰদানৰ বাবে নিয়োগ কৰা হৈছিল চি আৰ পি এফ জোৱান দুজনক ।
ইফালে, মণিপুৰৰ মুখ্য নিৰ্বাচনী বিষয়া প্ৰদীপ কুমাৰ ঝাই শুকুৰবাৰে দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত আউটাৰ মণিপুৰত অধিক ভোটদান আৰু নূন্যতম হিংসাত্মক ঘটনা সন্দৰ্ভত আলোকপাত কৰে ।