নিউজ ডেস্ক, ২ আগষ্ট :উত্তৰাখণ্ডত ধাৰাসাৰ বৰষুণৰ ফলত ১৪ জন লোকৰ মৃত্যু হোৱাৰ উপৰি আন ১০ জন আহত হৈছে । আনহাতে, ভূমিস্খলনৰ ফলত এটা ঘৰ খহি পৰে । ইফালে ধাৰাসাৰ বৰষুণৰ ফলত কেইবাখনো নদীৰ জলপৃষ্ঠ ওফন্দি উঠাৰ লগতে বান পৰিস্থিতিৰ সৃষ্টি হৈছে । বৃহস্পতিবাৰে চৰকাৰী সূত্ৰত এই কথা প্ৰকাশ ।
আনহাতে, প্ৰতিকূল বতৰৰ বাবে কেদাৰনাথ যাত্ৰা স্থগিত ৰখা হৈছে । ধাৰাসাৰ বৰষুণৰ ফলত বহু ঠাইত ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাৰ বাবে এই সিদ্ধান্ত লোৱা বুলি চৰকাৰী সূত্ৰত প্ৰকাশ । আনহাতে, ঘোৰাপাৰাভ, লিনচোলি, বাদি লিনচোলি আৰু ভীমবালিত যাত্ৰাপথটো শিল পৰি বন্ধ হৈ আছে ৷
এক চৰকাৰী বিবৃতিত উত্তৰাখণ্ড চৰকাৰে কয় যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ধাৰাসাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত পৰিস্থিতিৰ বুজ লৈ ৰাজ্যখনত উদ্ধাৰ অভিযানত সহায় কৰিবলৈ ভাৰতীয় বায়ুসেনাৰ দুখন হেলিকপ্টাৰ, এখন চিনুক আৰু এখন এমআই ১৭ প্ৰেৰণ কৰিছে ।