কলম্বো :বিভিন্ন সময়ত মাছমৰীয়াসকলে মৎস্য চিকাৰৰ বাবে গৈ সামুদ্ৰিক সীমা অতিক্ৰম কৰে । ফলস্বৰূপে কেতিয়াবা যদি ভাৰতীয় নৌসেনাই শ্ৰীলংকাৰ মাছমৰীয়াক গ্ৰেপ্তাৰ কৰে কেতিয়াবা আকৌ শ্ৰীলংকা নৌসেনাৰ হাতত গ্ৰেপ্তাৰ হয় ভাৰতীয় মাছমৰীয়া । এইবাৰ পুনৰ শ্ৰীলংকাৰ নৌসেনাই দেওবাৰে ১২ গৰাকী ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ কৰে আৰু শ্ৰীলংকাৰ জলসীমাত প্ৰৱেশ কৰাৰ অভিযোগত তেওঁলোকৰ নাও জব্দ কৰে । এই ১২ গৰাকী মাছমৰীয়াৰ সৈতে দ্বীপৰাষ্ট্ৰত এতিয়ালৈ গ্ৰেপ্তাৰ হোৱা ভাৰতীয় নাগৰিকৰ সংখ্যা হ'লগৈ ৪৬২ গৰাকী ।
শ্ৰীলংকা নৌসেনাৰ স্পষ্টীকৰণ
শ্ৰীলংকা নৌসেনাই এক প্ৰেছ বিজ্ঞপ্তিত কয় যে উত্তৰ প্ৰান্তৰ জাফনাৰ পইণ্ট পেড্ৰোৰ উপকূলত মাছমৰীয়াসকলক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁলোকৰ নাও জব্দ কৰা হৈছে । প্ৰেছ বিজ্ঞপ্তি অনুসৰি ধৃত ১২ গৰাকী মাছমৰীয়াক কাঞ্চেশন্থুৰাই হাৰ্বাৰলৈ লৈ যোৱা হৈছে আৰু পৰৱৰ্তী পদক্ষেপৰ বাবে মাইলাদি মীন পৰিদৰ্শকক হস্তান্তৰ কৰা হ'ব ।
বিবৃতিটোত কোৱা হৈছে যে শ্ৰীলংকাৰ নৌসেনাই ২০২৪ চনত এতিয়ালৈকে দ্বীপৰাষ্ট্ৰখনৰ জলসীমাত প্ৰৱেশ কৰাৰ অভিযোগত ৬২ খন ভাৰতীয় নাও আৰু ৪৬২ গৰাকী ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ কৰিছে আৰু আইনী ব্যৱস্থা গ্ৰহণৰ বাবে কৰ্তৃপক্ষৰ হাতত গতাই দিছে ।