অসম

assam

ETV Bharat / bharat

মণিপুৰত পুনৰ ৰক্তপাত: জিৰিবামত নিধন ১০ সন্দেহযুক্ত কুকি উগ্ৰপন্থীক - MANIPUR VIOLENCE

চি আৰ পি এফৰ এটা দলে সন্দেহযুক্ত উগ্ৰপন্থীৰ এটা দলৰ সৈতে মুখামুখি হোৱাৰ সময়ত ঘটনাটো সংঘটিত হয় ।

militants killed in Jiribam
প্ৰতিনিধিত্বমূলক ছবি (ANI)

By ETV Bharat Assamese Team

Published : Nov 11, 2024, 7:07 PM IST

Updated : Nov 11, 2024, 8:28 PM IST

গুৱাহাটী :হিংসাজৰ্জৰ মণিপুৰত পুনৰ ৰক্তপাত । সোমবাৰে মণিপুৰৰ জিৰিবাম জিলাৰ জাকুৰাধোৰত সংঘটিত গুলীয়াগুলীৰ ঘটনাত কমেও ১০ জন সন্দেহযুক্ত কুকি উগ্ৰপন্থী নিহত হয় । আনহাতে, দুজন চি আৰ পি এফ জোৱানো আহত হয় ।

আৰক্ষী সূত্ৰে জানিব পৰা মতে, চি আৰ পি এফৰ এটা দলে সন্দেহযুক্ত উগ্ৰপন্থীৰ এটা দলৰ সৈতে মুখামুখি হোৱাৰ সময়ত ঘটনাটো সংঘটিত হয় । এই সন্দেহযুক্ত উগ্ৰপন্থীৰ দলটোৱে জিৰিবামৰ জাকুৰাধো অঞ্চলত মেইটেই সম্প্ৰদায়ৰ কেইখনমান দোকানত অগ্নিসংযোগ কৰিছিল ।

আনহাতে, উগ্ৰপন্থীৰ আক্ৰমণৰ সন্মুখীন হোৱা চি আৰ পি এফ দলটোৱে প্ৰত্যুত্তৰত কৰা গুলীচালনাত ১০ সন্দেহযুক্ত উগ্ৰপন্থীৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে জনায় ।

ইফালে এই এনকাউণ্টাৰৰ সময়ত দুগৰাকী চি আৰ পি এফ জোৱানো আহত হোৱা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ । অঞ্চলটোত তালাচী অভিযান এতিয়াও চলি থকা বুলি আৰক্ষীয়ে জনায় ।

আৰক্ষীয়ে জনোৱা মতে, অঞ্চলটোৰ পাঁচজন নাগৰিকো সন্ধানহীন হৈ আছে । সন্ধানহীন নাগৰিকসকলক বিচাৰি উলিওৱাৰ বাবেও অনুসন্ধান অব্যাহত আছে ।

ইফালে এই হত্যাৰ প্ৰতিবাদত মণিপুৰৰ কুকি-জো কাউন্সিলে মঙলবাৰে পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ বন্ধৰ আহ্বান জনাইছে ।

উল্লেখ্য যে বৃহস্পতিবাৰে নিশা সন্দেহযুক্ত উগ্ৰপন্থীয়ে কুকি সম্প্ৰদায় অধ্যুষিত জিৰিবাম জিলাৰ এখন গাঁৱত আক্ৰমণ চলায় । এই আক্ৰমণত এগৰাকী মহিলা নিহত হোৱাৰ উপৰি দহটা ঘৰত অগ্নিসংযোগ কৰা হয় ।

বৃহস্পতিবাৰে নিশা জিৰিবামৰ জাইৰন গাঁৱত হোৱা আক্ৰমণত উগ্ৰপন্থীয়ে কুকি সম্প্ৰদায়ৰ কমেও দহটা ঘৰ ভস্মীভূত কৰে ।

উল্লেখ্য, বিগত বছৰৰ মে' মাহৰ পৰা সমগ্ৰ মণিপুৰ জাতিগত হিংসাৰ বলি হৈ আছে ।

মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত বিগত বছৰৰ ৩ মে'ত হিংসাত্মক ঘটনা সংঘটিত হয় । তেতিয়াৰে পৰা ১৭ মাহৰো অধিক সময় ধৰি চলি থকা হিংসাত্মক ঘটনাৰ ফলত এতিয়ালৈকে দুয়োটা সম্প্ৰদায়ৰে ২৩০ জনৰো অধিক লোক নিহত হৈছে ।

আনহাতে, দুয়োটা সম্প্ৰদায়ৰ মাজত সংঘটিত হিংসাৰ ফলত দুয়োটা সম্প্ৰদায়ৰ ৬৫,০০০ ৰো অধিক লোকক গৃহহীন হৈছে আৰু তেওঁলোক বৰ্তমান আশ্ৰয় শিবিৰত আছে ।

লগতে পঢ়ক :উত্তৰ প্ৰদেশত বাবা ছিদ্দিকীৰ হত্যাকাৰীক গ্ৰেপ্তাৰ
লগতে পঢ়ক :আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱে'ত ভয়ানক দুৰ্ঘটনা; বাছ-ট্ৰাকৰ সংঘৰ্ষত হতাহত ২০
Last Updated : Nov 11, 2024, 8:28 PM IST

ABOUT THE AUTHOR

...view details