Wood smugglers encounter: চৰাইদেউত কাঠৰ চোৰাং সৰবৰাহকাৰীলৈ বনকৰ্মীৰ গুলী - Wood smugglers encounter in Charaideo
🎬 Watch Now: Feature Video
চৰাইদেউৰ বৰহাটৰ ডফলাত বন বিভাগৰ গুলিচালনা(Wood smugglers encounter in Charaideo) ৷ বৃহস্পতিবাৰে কাঠৰ চোৰাং সৰবৰাহকাৰীলৈ লক্ষ্য কৰি ৪ জাঁইকৈ গুলীচালনা বন বিভাগৰ লোকৰ ৷ হালোৱা খণ্ড বনাঞ্চলৰ ভিতৰত কাঠৰ চোৰাং সৰবৰাহকাৰীয়ে মেচিনেৰে মূল্যবান গছ কাটি থকা অৱস্থাত সেই স্থানত বন বিভাগৰ লোকৰ উপস্থিত হোৱাৰ পাছতেই সংঘটিত হয় এই ঘটনা(Illegal timber seized at Charaideo) ৷ অৱশ্যে আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি কাঠ কটা মেচিন এৰি উধাও হয় সৰবৰাহকাৰীৰ দলটো ৷ ইফালে গুলীচালনাৰ শব্দ শুনাৰ পাছতেই আতংকিত হৈ পৰে বনাঞ্চলখনৰ দাঁতি-কাষৰিয়া অঞ্চলৰ লোক ৷ ঘটনাস্থলীৰ পৰা বন বিভাগৰ গলটোৱে এটা কাঠ ফলা মেচিন জব্দ কৰিবলৈ সক্ষম হয় ৷ বন বিভাগৰ দ্বাৰা সংঘটিত এই গুলিচালনাত অৱশ্যে কোনো লোক হতাহতি হোৱাৰ তথ্য লাভ কৰা নাই ৷
Last Updated : Feb 3, 2023, 8:20 PM IST