thumbnail

মহানগৰীৰ নুনমাটিস্থিত গণেশ নগৰৰ পাহাৰত বনজুই

By

Published : Mar 10, 2022, 8:03 PM IST

Updated : Feb 3, 2023, 8:19 PM IST

বৃহস্পতিবাৰে মহানগৰীৰ নুনমাটি লাষ্টগেটৰ সমীপৱৰ্তী গণেশ নগৰ পাহাৰত সংঘটিত হৈছে এক ভয়ংকৰ বনজুই (Wildfire in Ganesh Nagar hills of Noonmati) ৷ দিনৰ প্ৰায় 3 মান বজাত গণেশ নগৰৰ পাহাৰত জুই জ্বলাই দিয়াৰ ফলত পাহাৰখনত এই জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে । ইফালে জুইৰ লেলিহান শিখাই ভয়াবহ ৰূপ ধাৰণ কৰাত অঞ্চলটোত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ লগে লগে প্ৰত্যক্ষদৰ্শীয়ে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত পৰৱৰ্তী সময়ত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ এই বিধ্বংসী জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷
Last Updated : Feb 3, 2023, 8:19 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.