ETV Bharat / state

যোগ্যতা আছে কাৰণে আমাৰ চৰকাৰে ঋণ লৈছে: জয়ন্ত মল্লবৰুৱা - JAYANTA MALLA BARUA REACTS ON DEBT

Minister Jayanta Malla Baruah: ভূপেন বৰাক উভতি ধৰিলে জয়ন্ত মল্লবৰুৱাই । বিৰোধীত থাকিলে মুখত যি আহে তাকে ক’ব পাৰি বুলি কটাক্ষ ভূপেন বৰাক ।

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Minister Jayanta  Mallabaruah
যোগ্যতা আছে কাৰণে আমাৰ চৰকাৰে ঋণ লৈছে: জয়ন্ত মল্লবৰুৱা (ETV Bharat Assam)

গুৱাহাটী,৫ অক্টোবৰ: ৰাজকোষ উদং অসম চৰকাৰৰ ! ঋণৰ উপৰি ঋণ লৈছে অসম চৰকাৰে । আকৌ ৮ অক্টোবৰত ঋণ ল’ব ৭৫০ কোটি টকা । এই প্ৰসংগত বিৰোধীৰ কঠোৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে ৰাজ্য চৰকাৰ । অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৰাজ্য চৰকাৰৰ গভীৰ বিত্তীয় সংকটত ভাৰাক্ৰান্ত বুলি কৰা মন্তব্যক উভতি ধৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।

সামাজিক মাধ্যমযোগে নিজৰ প্ৰতিক্ৰিয়া ব্যক্তি কৰি মন্ত্ৰীগৰাকীয়ে ৰাজ্য এখনৰ অৰ্থনীতি সম্পৰ্কীয় জ্ঞান নাথাকিলে তেনেকৈ কোৱাটো স্বাভাৱিক বুলি ভূপেন বৰাক উভতি ধৰিছে । ভূপেন বৰাক কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিৰোধীত থাকিলে মুখত যি আহে তাকে ক’ব পাৰি, যিহেতু ৰাজ্যৰ জনসাধাৰণৰ প্ৰতি তেওঁলোকৰ কোনো দায়বদ্ধতা নাথাকে । অসমৰ অৰ্থনৈতিক উন্নয়ণ এতিয়া কংগ্ৰেছে ভবাতকৈ বহুত আগুৱাই গৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ।

তেওঁ কয়,“দীৰ্ঘদিন কংগ্ৰেছে শাসন কৰি স্থবিৰ কৰি পেলোৱা অসমৰ অৰ্থনীতিক পুনৰ প্ৰাণ দিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বহুত কষ্ট কৰিবলগীয়া হৈছে ।” লগতে বিত্তীয় সংকট প্ৰসংগত কংগ্ৰেছৰ সভাপতিজনক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে দাঙি ধৰে কিছু তথ্যও ।

ৰাজ্যিক ঘৰুৱা উৎপাদন বাঢ়িছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত:

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসমত বাঢ়িছে ৰাজ্যিক ঘৰুৱা উৎপাদন । এই দাবী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ৷ কংগ্ৰেছ চৰকাৰ আৰু বিজেপি চৰকাৰৰ মাজৰ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ তুলনা কৰি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে,“আজি ২০২৪-২৫ বৰ্ষত বিজেপিৰ শাসনত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন (GSDP) ৬,৪৩,০৮৯ কোটি লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে তথ্য দাঙি ধৰি ইয়াৰ পৰিমাণ ২০২৩-২৪ বৰ্ষতকৈ ১৩ শতাংশ অধিক বুলি উল্লেখ কৰে । আনহাতে, কংগ্ৰেছ শাসনত অৰ্থাৎ ২০১৫-১৬ বিত্তীয় বৰ্ষত অসমৰ জিএছডিপি আছিল ২,২৭,৯৩৯ কোটি টকা । তেনেকৈ কংগ্ৰেছ শাসনত ২০১৫-১৬ বৰ্ষত অসমৰ মানুহৰ জনমূৰি আয় আছিল ৪৮,৪৬৫ টকা ।"

লগতে তেওঁ কয়,"একেটা বৰ্ষত দেশৰ মানুহৰ জনমূৰি আয় আছিল ৭২,৮০৫ টকা । ইয়াৰ বিপৰীতে বিজেপিৰ শাসনত ২০২৪ বৰ্ষত অসমৰ মানুহৰ জনমূৰি আয় ১,৮২,৬০০ টকালৈ বৃদ্ধি হয় আৰু একেটা বৰ্ষতে দেশৰ জনসাধাৰণৰ জনমূৰি আয়ৰ পৰিমাণ ১,৮৪,০০০ টকা। প্ৰায় ওচৰাওচৰি । এই ব্যৱধান মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কমাই আনিবলৈ সক্ষম হৈছে ৷”

ৰাজ্যিক ঘৰুৱা উৎপাদনৰ ৩২ শতাংশলৈকে ঋণ ল’ব পাৰো :

চৰকাৰে ঋণ লোৱা সন্দৰ্ভত ভূপেন বৰা আৰু বিৰোধীয়ে কৰা সমালোচনা প্ৰসংগতো মন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়,"হয়, ভূপেন বৰাই কোৱা মতে আমাৰ চৰকাৰে ঋণ লৈছে । আমি ঋণ লৈছো অসমক দেশৰ ভিতৰতে এখন আগশাৰীৰ ৰাজ্য হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ । ঋণ ল’বলৈ যোগ্যতা লাগে আৰু সেই যোগ্যতা আছে কাৰণে আমাৰ চৰকাৰে ঋণ লৈছে । এই ঋণ এফ আৰ বি এম (FRBM) আইন অনুসৰি লোৱা হৈছে । এই আইন অনুসৰি আমি আমাৰ ৰাজ্যৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ ৩২ শতাংশলৈকে ঋণ ল'ব পাৰো । কিন্তু আমাৰ ঋণৰ পৰিমাণ মুঠ জি এছ ডি পিৰ ২৪ শতাংশৰ ভিতৰতে আছে ।"

মন্ত্ৰীগৰাকীয়ে ভূপেন বৰাৰ জ্ঞাতাৰ্থে আৰু এটা কথা জনাই, "ঋণ সাধাৰণতে আন্তঃগাঁথনিৰ উন্নয়ন অথবা মূলধনী ব্যয়ৰ বাবেহে লোৱা হয় ।” অসমত বিজেপিয়ে চৰকাৰ কৰাৰ আগলৈকেও ঋণ আছিল বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । ২০১৬ চনলৈকে অসমৰ ঋণৰ পৰিমাণ আছিল প্ৰায় ৪২ হেজাৰ কোটি টকা । তেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল । সেই ঋণ কিয় লৈছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে জনাব নেকি বুলি মন্ত্ৰীগৰাকীয়ে লগতে প্ৰশ্ন কৰে ।

৪ লাখ ৫০ হেজাৰ কোটিতকৈ অধিক ঋণ তেলেংগানাৰ:

অসম চৰকাৰে ঋণ লোৱাৰ সপক্ষে যুক্তি দাঙি ধৰি মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ শাসিত তেলেংগানাৰ উদাহৰণ দি ঋণৰ পৰিমাণ ৰাজ্যখনৰ মুঠ জি এছ ডি পিৰ ২৭ শতাংশ হোৱা বুলি উল্লেখ কৰে । তেলেংগানাৰ ঋণৰ পৰিমাণ আজিৰ তাৰিখত ৪ লাখ ৫০ হেজাৰ কোটিতকৈ অধিক বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ।

লগতে পঢ়ক: কাজিৰঙাৰ পৰ্যটনক লৈ সংবাদ মাধ্যমকহে গালি-গালাজ পৰ্যটন মন্ত্ৰীৰ - Minister Jayanta Mallabaruah

উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ৪৮,৬৭৩ গৰাকী শিক্ষাৰ্থীলৈ স্কুটী : ৩৪৫.৭৫ কোটি টকাৰ অনুমোদন কেবিনেটৰ - Assam weekly Cabinet Meeting

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.