ETV Bharat / state

খং উঠিছিল জুবিন গাৰ্গৰ, খঙৰ কাৰণ ক'লে মন্ত্ৰী মহনে - Jogen Mohan on Zubeen Garg - JOGEN MOHAN ON ZUBEEN GARG

Classical status to Assamese : অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানক লৈ জুবিন গাৰ্গৰ মন্তব্যৰ পাছতেই সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ।

Classical Status to Assamese
মন্ত্ৰী যোগেন মহন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 5, 2024, 10:56 PM IST

মৰাণ, ৫ অক্টোবৰ : অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰাত অসমৰ প্ৰতিজন অসমীয়া আনন্দিত হৈছে । তেনে সময়ত শুকুৰবাৰে গুৱাহাটীৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাক লৈ মন্তব্য কৰে । জুবিন গাৰ্গৰ এই মন্তব্যক লৈ ৰাজ্যত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া ।

কেন্দ্ৰীয় চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰা জুবিন গাৰ্গৰ বিৰুদ্ধে একাংশ বিজেপি নেতা-কৰ্মীয়ে সামাজিক মাধ্যমত ক্ষোভ প্ৰকাশ কৰিছে যদিও কিছু কিছুৱে জুবিন গাৰ্গক সমৰ্থন আগবঢ়াইছে । ইয়াৰ মাজতেই জুবিন গাৰ্গৰ মন্তব্যক লৈ মৰাণত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মন্ত্ৰী যোগেন মহনে । মন্ত্ৰী যোগেন মহনে কয়," জুবিন গাৰ্গৰ সেয়া ব্যক্তিগত মন্তব্য । অসমীয়া ভাষাই বহু আগতেই ধ্ৰুপদী ভাষাৰ মৰ্যদা লাভ কৰিব লাগিছিল যদিও নকৰাত জুবিন গাৰ্গৰ খং উঠাত এনেদৰে কৈছে ।"

মন্ত্ৰী যোগেন মহন (ETV Bharat Assam)

কি কৈছিল জুবিন গাৰ্গে :

“ভাৰত চৰকাৰে অসমীয়া ভাষাৰ স্বীকৃতি দিবলৈ কোন ? “ মই ইমানবোৰ অসমীয়া গান গালো, অসমীয়াতেই গালো, মোৰ গানৰ স্বীকৃতি কি ভাৰত চৰকাৰে দিব নেকি ? ভাৰতৰ এটাই ধ্ৰুপদী ভাষা সেইটো হ’ল সংস্কৃত আৰু ভাৰতৰ বাকী সকলো ভাষাৰ উৎপত্তিৰ মূল পালি আৰু প্ৰাকৃত ভাষা । অসমে বহুত দিছে ভাৰত চৰকাৰক । অসমে ভাৰতক গঁড় দিছে, তেল দিছে আৰু জুবিন গাৰ্গ দিছে । ভাৰত চৰকাৰ বুলি মই খাতিৰ নকৰো । কিহৰ স্বীকৃতি দিলে ? What is Indian Classical Language ? মই অসমীয়াই কৈ আছো। ইয়াত আকৌ নতুনকৈ স্বীকৃতি দিবলৈ কি আছে ।" জুবিনে লগতে কয়, "প্ৰধানমন্ত্ৰীয়ে ইংৰাজী ভালকৈ ক'ব নাজানে । "

জুবিন গাৰ্গৰ সমালোচনাত কি উত্তৰ মন্ত্ৰী যোগেন মহনৰ :

"কিমান চৰকাৰ গ'ল কিন্তু অসমীয়া ভাষাটো ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি নিদিলে । এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই স্বীকৃতি প্ৰদান কৰিছে । জুবিন গাৰ্গে ব্যক্তিগত ভাৱে এই মন্তব্য আগবঢ়াইছে । গঁড়,তেলৰ কথা যি কৈছে ঠিকেই কৈছে । অসমীয়া ভাষাই বহু আগতেই ধ্ৰুপদী ভাষাৰ মৰ্যদা লাভ কৰিব লাগিছিল যদিও নকৰাত জুবিন গাৰ্গৰ খং উঠাত এনেদৰে কৈছে ।" এই মন্তব্য মন্ত্ৰী মহনৰ ৷

লগতে পঢ়ক:অসমীয়া ভাষাক ধ্ৰুপদী মৰ্যাদা, জুবিনৰ মন্তব্যত প্ৰতিক্ৰিয়া বিধায়ক ৰূপক শৰ্মাৰ - Rupak Sarma on Zubeen Garg

ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাটো শুভ লক্ষণ কিন্তু... কিয় এনেকৈ ক'লে ময়ুৰ বৰাই ? - Classical Status to Assamese

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.