ETV Bharat / state

হঠাৎ স্তব্ধ জল জীৱন মিছন, আধাতে বন্ধ পানী যোগান - Jal Jeevan Mission Assam

JMM in Assam : অসমত চৰকাৰে কি কাৰণে জল জীৱন মিছন আধাতে সামৰিলে ? পানী যোগান আঁচনিৰ কাম বন্ধ কৰাৰ কাৰণ কি জানেনে ?

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

JMM in Assam
জল জীৱন মিছন আঁচনি (ETV Bharat Assam)

গুৱাহাটী, ৫ অক্টোবৰ : 'ঘৰে ঘৰে বিশুদ্ধ পানী’ শীৰ্ষক শ্ল'গানেৰে জল জীৱন মিছন আধাতে সামৰিলে ৰাজ্য় চৰকাৰে ৷ আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ অসমত জল জীৱনৰ কাম-কাজ সদ্যহতে বন্ধৰ নির্দেশ চৰকাৰৰ । ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগানৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি জল জীৱন মিছনৰ সকলোবোৰ কাম পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে ৷ এই নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ জল জীৱন মিছন আঁচনিৰ সঞ্চালকে । শনিবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ সঞ্চালকে ৰাজ্যৰ জল জীৱন মিছন আঁচনিৰ সকলোবোৰ আঁচনিৰ কাম বন্ধ কৰাৰ নিৰ্দেশ দিছে ।

কিয় বন্ধ হৈছে জলজীৱন আঁচনি ? চৰকাৰৰ যুক্তি:

ৰাজ্যৰ জল জীৱন মিছন আঁচনিৰ সঞ্চালক কৈলাশ কাৰ্তিকে জাৰি কৰা জল জীৱন আচঁনিৰ সকলো কাম বন্ধ কৰাৰ নিৰ্দেশ দিয়া জাননীখনত উল্লেখ কৰা হয় যে নিৰ্ধাৰিত সময়ৰ ভিতৰত কাম সম্পূৰ্ণ নোহোৱা আৰু ঠিকাদাৰে নিৰ্মাণ কৰা সকলো পানী যোগান আঁচনিৰ কামৰ গুণগত মান তৃতীয় পক্ষৰ দ্বাৰা পৰীক্ষণৰ বাবেই এই কাম বন্ধৰ সিদ্ধান্ত লোৱা হৈছে ৷

JMM in Assam
জল জীৱন মিছন বন্ধৰ চৰকাৰী নিৰ্দেশনা (ETV Bharat Assam)

উল্লেখযোগ্য যে যোৱা ৩ অক্টোবৰত ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাসকলৰ লগত বিভাগীয় মন্ত্রী জয়ন্ত মল্লবৰুৱা, অতিৰিক্ত মুখ্য সচিব, জল জীৱন মিছনৰ পৰিচালন সঞ্চালক আদিৰ উপস্থিতিত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । এই বৈঠকৰ সিদ্ধান্ত অনুসৰিয়েই জে এম এমৰ নিৰ্মাণকাৰ্য চলি থকা সকলো আঁচনিৰ কামেই সাময়িকভাবে বন্ধৰ নিৰ্দেশ দিয়ে ।

জল জীৱনৰ কাম বন্ধৰ জাননীখনত উল্লেখ কৰা হৈছে, “ ইয়াৰ দ্বাৰা কিছুসংখ্যক ঠিকাদাৰৰ বাবে আঁচনিৰ পৰিকল্পনা সময়সীমাৰ পৰা আঁতৰি অহাৰ কাৰণ চিনাক্ত কৰাৰ লগতে সম্পূৰ্ণ কৰা কামৰ মানৰ মূল্যায়ন কৰা আৰু যদি এতিয়াও কাম কৰিবলৈ বাকী আছে তেন্তে বিলম্ব হোৱাৰ মূল কাৰণ নিৰ্ণয় কৰাত গুৰুত্ব দিয়া হ’ব । সাময়িক বন্ধ কৰাৰ উদ্দেশ্য হৈছে সকলো প্ৰকল্পই যাতে অসম চৰকাৰৰ জল জীৱন মিছন আৰু ভাৰত চৰকাৰৰ জল শক্তি মন্ত্ৰালয়ে নিৰ্ধাৰিত মান পূৰণ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰখা ।”

উদং ৰাজকোষ ! স্তব্ধ ঘৰে ঘৰে নল, ঘৰে ঘৰে জলৰ সপোন:

সপোন আছিল অভিলাষী -'ঘৰে ঘৰে নল, ঘৰে ঘৰে জল' শ্ল'গানৰ সৈতে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ এক অভিলাষী আঁচনি হ’ল-'জল জীৱন আঁচনি’ । দেশৰ প্ৰতিগৰাকী লোকৰ সুস্থ সৱল জীৱন যাপনৰ উদ্দেশ্যৰে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা আঁচনিৰ এখন অন্যতম আঁচনি হ’ল জল জীৱন আঁচনি । মোদীয়ে ২০১৯ চনৰ ১৫ আগষ্টত আৰম্ভ কৰা জল জীৱন মিছনৰ লক্ষ্য আছিল ২০২৪ চনৰ ভিতৰত দেশৰ প্ৰতিটো গ্ৰাম্য পৰিয়াললৈ টেপ সংযোগেৰে পানী যোগান ধৰা । কিন্তু এতিয়া অসমত এয়া আধাতেই স্তব্ধ কৰিব কৰিবলগীয়া হৈছে চৰকাৰে ।

২০২৪ত ঘৰে ঘৰে পানী যোগানৰ লক্ষ্য আছিল যদিও অসমত আশানুৰূপে আগবঢ়া নাছিল জল জীৱন মিছনৰ কাম ৷ চৰকাৰী তথ্য মতে, আঁচনিখনৰ জৰিয়তে পানী যোগান ধৰিবলগীয়া ৰাজ্যখনৰ ৬৩.৩৫ লাখ ঘৰৰ মাত্ৰ ৭০% হে জল জীৱন মিছনৰ কাম সম্পূৰ্ণ হৈছে অসমত ৷ এই লৈ উদ্বিগ্নতাও প্ৰকাশ কৰিছিল কেন্দ্ৰীয় চৰকাৰ ৷ কিন্তু আঁচনিখন সম্পূৰ্ণ নহওতেই চৰকাৰে সাময়িকভাৱে বন্ধ কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে ।

জল জীৱন আঁচনিৰ সাময়িকভাৱে বন্ধ কৰাৰ সিদ্ধান্তই ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ হাজাৰ হাজাৰ ঠিকাদাৰক আহুকালত পেলাইছে । কংগ্ৰেছ, ৰাইজৰ দল, এজেপি আদি বিৰোধী ৰাজনৈতিক দলসমূহৰ অভিযোগ যে ৰাজকোষৰ উদং পৰিস্থিতিৰ বাবেই এনে সিদ্ধান্ত ল’বলগা হৈছে ৰাজ্য চৰকাৰে ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগে ধন আদায় দিব নোৱৰাত ঠিকাদাৰসকলে প্রতিবাদ জনোৱাৰ বাবেই এনে সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে চৰকাৰে ।

বেচৰকাৰী তথ্য অনুসৰি ৰাজ্যৰ সহস্ৰাধিক ঠিকাদাৰে ১৩ হাজাৰ কোটিতকৈয়ো অধিক ধন চৰকাৰৰ পৰা লাভ কৰিবলগীয়া হৈ আছে । ইতিমধ্যে এই বিষয়টো উচ্চ ন্যায়ালয়ৰ মজিয়া পাইছিলগৈ । উচ্চ ন্যায়ালয়েও ঠিকাদাৰক কিয় ধন দিব পৰা নাই বুলি চৰকাৰক জবাবদিহি কৰিছিল। যাৰ ফলস্বৰূপে জল জীৱন আঁচনিৰ কাম সাময়িকভাৱে বন্ধৰ নিৰ্দেশ দিবলৈ বাধ্য হৈছে চৰকাৰ ।

লগতে পঢ়ক:জল জীৱনৰ নলত জল বিচাৰি হাহাকাৰ ওদালগুৰিৰ ভূটীয়াচাংবাসী - Jal Jeevan Mission Assam

10 তাৰিখে দৰমহা লাগে যদি 100% কাম কৰিব লাগিব জলমিত্ৰসকলে; মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কঠোৰ সকীয়নি - PHED Minister Jayanta Mallabaruah

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.