কামপুৰৰ তেলিয়াআটিত যুৱকৰ সলিল সমাধি

By

Published : Jul 6, 2022, 10:18 PM IST

thumbnail
কামপুৰৰ তেলিয়াআটিত সংঘটিত হৈছে এক শোকাৱহ ঘটনা । কামপুৰৰ তেলিয়াআটিত পানীত পৰি মৃত্যু হ'ল এজন যুৱকৰ(Youth drowns at Telia Ati in Kampur) । গৰু চ'ৰাবলৈ গৈ বাঢ়নী পানীত পৰি মৃত্যু হয় যুৱকজনৰ । মৃত যুৱকজনৰ নাম অংকুৰ কাকতি(২০) বুলি জানিব পৰা গৈছে । এই ঘটনা সংঘটিত হোৱাৰ পিছতে লগত যোৱা এজন বন্ধুয়ে চিঞৰ বাখৰ কৰাত স্থানীয় লোকে সংকটজনক অৱস্থাত এটা দ গাঁতৰ পৰা যুৱকজনক উদ্ধাৰ কৰে । উদ্ধাৰ কৰা যুৱকজনক ১০৮ যোগে কামপুৰলৈ চিকিৎসাৰ বাবে নিয়া হয় যদিও চিকিৎসকে যুৱকজনক মৃত বুলি ঘোষণা কৰে । ইয়াৰ পিছতে ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হোৱাৰ লগতে যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.