Road accident in Nalbari: নতুন বাইক কিনি ঘৰলৈ আহোতেই দুৰ্ঘটনাত পতিত মাতৃ-পুত্ৰ - এক ভয়ংকৰ পথ দূৰ্ঘটনা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15807320-thumbnail-3x2-bgd.jpg)
নলবাৰীৰ সাহপুৰ সনামতিত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা(Road accident in Nalbari) । নলবাৰীৰ এখন বাইকৰ ডিলাৰৰ পৰা নতুন বাইক ক্ৰয় কৰি ঘৰলৈ গৈ থকাৰ অৱস্থাতে এই দুৰ্ঘটনাত পতিত হয় মাতৃ-পুত্ৰ ৷ দুৰ্ঘটনাত বাইকখনে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত দ' খাৱৈত পৰি থিতাতে নিহত হয় এগৰাকী মহিলা(Women died in road accident) । মৃত মহিলা গৰাকীৰ নাম দীপিকা কলিতা(৪৮) । ইফালে, ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মহিলা গৰাকীৰ পুত্ৰ কংকন কলিতা(২২)(One injured in road accident)৷ দুয়োজনৰে ঘৰ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত বৰ বিস্তুপুৰত বুলি জানিব পৰা গৈছে ।