ই-ৰিক্সা চলাই পৰিয়াল পোহপাল দিয়াৰ চেষ্টা এগৰাকী মহিলাৰ
🎬 Watch Now: Feature Video
সমগ্ৰ দেশৰ লগতে অসমতো অব্যাহত আছে ক'ভিড(COVID)ৰ সংহাৰী ৰূপ ৷ ক'ভিডৰ গ্ৰাসত পৰি জীৱিকাৰ বাট বন্ধ হৈছে বহু পৰিয়ালৰ ৷ লগতে বহু লোকে বাধ্যত পৰি সলনি কৰিছে উপাৰ্জনৰ পথ ৷ ইয়াৰ মাজতে পেটৰ তাড়নাত এখন ই-ৰিক্সা চলাই পৰিয়ালৰ বাবে এমুঠি অন্ন যোগাৰ কৰাৰ চেষ্টাৰ ব্ৰতী হৈছে বোকাখাত 4 নং ৱাৰ্ডৰ এগৰাকী মহিলা ৷ ৰুগীয়া স্বামীৰ চিকিৎসাৰ খৰচ তথা পুত্ৰ-কন্যাৰ পঢ়াৰ খৰছ উলিয়াবৰ বাবে ক'ভিড পৰিস্থিতিৰ মাজতে ই-ৰিক্সাখন লৈ ওলাই আহিছে মহিলাগৰাকী ৷ এফালে কঠোৰ আৰক্ষী প্ৰশাসন ৷ ইয়াৰ মাজতে মৰণত শৰন লৈ পুৱাই ই-ৰিক্সাখন লৈ ওলাই আহে বোকাখাতৰ বৰাগাঁৱৰ বৰ্নালী দাস নামৰ মহিলাগৰাকী ৷ পূৰ্বে চাহৰ দোকান দি পৰিয়াল পোহপাল দিয়া মহিলাগৰাকীয়ে সকলো দোকান-পোহাৰ বন্ধ হৈ পৰাৰ বাবেই গ্ৰহণ কৰিছে এই পন্থা ৷ উপায়হীন হৈ চৰকাৰলৈ সহায়ৰ আহ্বান জনাইছে মহিলাগৰাকীয়ে ৷