thumbnail

Elephant menace in Hojai: হোজাইৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ উপদ্ৰৱ

By

Published : Oct 13, 2022, 7:22 AM IST

ৰাজ্যত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ (Elephant menace in Assam)। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে হোজাই জিলাতো বন্যহস্তীৰ উপদ্ৰৱত আতংকিত গঞা ৰাইজ ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা শতাধিক বনৰীয়া হাতীয়ে খেতি পথাৰ তহিলং কৰিছে হোজাই জিলাৰ বিভিন্ন অঞ্চলত (Wild elephants destroyed crops)। হোজাইৰ শালবাগান বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ জাকটোৱে বানে গৰকা লস্কৰ পথাৰ, ফৰমাৰপাৰ, অক্লান্ত আদি অঞ্চলৰ কুঁহিয়াৰ খেতিকে ধৰি ধানখেতি, কলৰ বাগান আদি খাই তহিলং কৰিছে ৷ যাৰ ফলত বাৰুকৈয়ে বিপাঙত পৰিছে বানত সৰ্বস্বান্ত অঞ্চলবাসী ৷ ইপিনে স্থানীয় ৰাইজৰ অভিযোগ এই বিষয়ে কোনো কাণসাৰ নাই বন বিভাগৰ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.