জোনাইত খেতিপথাৰ তহিলং কৰিলে এজাক বন্যহস্তীয়ে - বনৰীয়া হাতীৰ জাকে চলালে উপদ্ৰৱ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 30, 2022, 4:16 PM IST

জোনাইৰ পুৰণা জেলত বনৰীয়া হাতীৰ জাকে চলালে উপদ্ৰৱ ৷ বিঘাই বিঘাই খেতিয়কৰ পথাৰৰ মাকৈ খাই তহিলং কৰিলে ২৫-৩০টা বনৰীয়া হাতীৰ জাকটোৱে(Cultivation destroyed by wild Elephant)৷ অসম-অৰুণাচল সীমান্তৰ জোনাইৰ পুৰণা জেলমত এসপ্তাহ ধৰি বন্যহস্তীৰ উপদ্ৰৱ(Wild elephant terror in Jonai) । মাকৈ খেতিৰ কাষতে থকা পবা বনাঞ্চলৰ পৰা নিশা ওলাই অহা ২৫-৩০টা হাতীৰ এই জাকটোৱে বিগত এসপ্তাহ ধৰি প্ৰতিদিনে বিঘাই বিঘাই মাকৈ খাই নষ্ট কৰাত এতিয়া মূৰে-কপালে হাত দিছে খেতিয়ক ৰাইজে । ইফালে, হাতীৰ জাকটোৱে প্ৰতিদিনে খেতি-পথাৰ নষ্ট কৰা সন্দৰ্ভত বন বিভাগক বাৰম্বাৰ খবৰ দিছে যদিও এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ খেতিয়ক ৰাইজৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.