চন্দ্ৰপুৰৰ ঠাকুৰকুছিত বন্যহস্তীৰ মুক্ত বিচৰণ - Wild elephants
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16162590-thumbnail-3x2-jhhhj.jpg)
গুৱাহাটীৰ নিকটৱৰ্তী চন্দ্ৰপুৰ ঠাকুৰকুছি ৰে’ল ষ্টেচনৰ সমীপত বন্যহস্তীৰ মুক্ত বিচৰণ (Wild elephants roaming)৷ দেওবাৰে এজাক বন্যহস্তী জনাঞ্চলত অৱস্থান কৰাক কেন্দ্ৰ কৰি চন্দ্ৰপুৰবাসী ৰাইজৰ মাজত এক আতংকময় পৰিৱেশে বিৰাজ কৰে । জানিব পৰা মতে আমচাং অভায়ৰণ্যৰ পৰা খাদ্যৰ সন্ধানত শনিবাৰে নিশাৰ ভাগতে ওলাই আহিছিল বন্যহস্তীৰ জাকটো (Elephants came down from Amchang Sanctuary)। ঠাকুৰকুছিৰ খামৰঙা বিলৰ পাৰত দেওবাৰে দিনৰ ভাগলৈ অৱস্থান কৰি থকা হাতীৰ জাকটোত আছিল পোৱালী হাতীসহ কেইবাটাও দতাল হাতী । স্বাভাবিকতে বহুসময় ধৰি হাতীৰ জাকটো এনেদৰে জনবসতিপূৰ্ণ অঞ্চলত বিচৰণ কৰাক লৈ শংকিত হৈ পৰে অঞ্চলবাসী । উপায়ন্তৰ হৈ স্থানীয় লোকে বন বিভাগক খবৰ দিয়ে । কিছু সময়ৰ পিছত বন বিভাগৰ লোক উপস্থিত হৈ বন্যহস্তীৰ জাকটোক পাহাৰৰ ফালে খেদি পঠিয়াবলৈ সক্ষম হয় ।