thumbnail

By

Published : Sep 20, 2022, 7:17 PM IST

ETV Bharat / Videos

ডিব্ৰুগড়ৰ জকাইত বনৰীয়া ম'হৰ সন্ত্ৰাস

ডিব্ৰুগড়ৰ জকাইত বনৰীয়া ম'হৰ আতংক (Wild buffalo roam in Dibrugarh)। ৭ খন গাঁৱত শ শ বিঘা কৃষিভূমি নষ্ট কৰিছে বনৰীয়া ম'হে । জকাই সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা জাকে জাকে ম'হে গেৰেলী ধৰা ধান সমূলি উছন কৰাত কৃষিজীৱী ৰাইজৰ মাজত হাঁহাকাৰ লাগিছে (Wild buffalo destroying paddy of farmers) । কিন্তু এই ক্ষেত্ৰত কোনো কাণসাৰ নাই বন বিভাগৰ । উল্লেখ্য যে স্থানীয় ৰাইজে বন বিভাগ আৰু জিলা প্ৰশাসনক ম'হৰ জাকটোক খেদি পঠাবৰ বাবে বাৰম্বাৰ আবেদন-নিবেদন কৰিও কোনো সু-ফল নাপালে । বনৰীয়া ম'হৰ উপদ্ৰপৰ বাবে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে জকাই প্ৰাথমিক বন খণ্ডৰ অধীনৰ ৭ খন গাঁৱৰ ৰাইজে । ম'হৰ জাকটোত থকা সৰু বৰ প্ৰায় ডেৰশৰো অধিক ম'হে বনাঞ্চলৰ জনাঞ্চলত প্ৰৱেশ কৰাত যিকোনো মুহূৰ্ততে ঘৰ-বাৰী ধ্বংস কৰা বা মানুহক আক্ৰমণ কৰাৰ আশংকাত অধিক শংকিত হৈ পৰিছে অঞ্চলবাসী । ইফালে জকাই বন খণ্ড বিষয়াই কেৱল মাত্ৰ মাজে সময়ে নিয়ম মাফিক তহল দিয়েই দায়িত্ব সামৰাৰ অভিযোগ গাঁওবাসীৰ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.