ETV Bharat / state

বিলুপ্তপ্ৰায় পিপলি চেং মাছৰ চোৰাং সৰবৰাহ - Rare fish rescued in Guwahati

Rare fish rescued: ৰাজ্যত বৰ্তমানেও চলি আছে বিলুপ্তপ্ৰায় মাছৰ চোৰাং সৰবৰাহ । বহিঃৰাজ্যলৈ সৰবৰাহৰ চেষ্টা চলাওতেই বিলুপ্তপ্ৰায় মাছসহ জালত পৰিল তিনি সৰবৰাহকাৰী ।

Three smugglers, with endangered fish, arrested at Guwahati railway station
বিলুপ্তপ্ৰায় পিপলি চেং মাছৰ চোৰাং সৰবৰাহ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 1, 2024, 10:24 PM IST

গুৱাহাটী,১ অক্টোবৰ: ৰাজ্যৰ পৰা বহিঃৰাজ্যলৈ গোপনে চলি আছে বিলুপ্তপ্ৰায় মাছৰ চোৰাং সৰবৰাহ । এক দুষ্টচক্ৰই চলাই গৈছে এই ব্যৱসায় । গুৱাহাটী ৰে'লৱে ষ্টেচনত মঙলবাৰে বিয়লি এক গোপন সূত্ৰৰ পম খেদি বন বিভাগৰ গুৱাহাটী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ে চৰকাৰী ৰে'লৱে আৰক্ষী (জি আৰ পি) ৰ সহযোগত চলোৱা এক অভিযানত ৰে'লেৰে বহিঃৰাজ্যলৈ নিয়াৰ প্ৰাকমুহূৰ্তত ৩১ টা বিলুপ্তপ্ৰায় প্ৰজাতিৰ পিপলি চেং মাছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

এই সন্দৰ্ভত তিনিজন সৰবৰাহকাৰীক আটক কৰিছে অভিযানকাৰী দলটোৱে । আটক কৰা তিনি সৰবৰাহকাৰী ক্ৰমে- দৰং জিলাৰ দলগাঁৱৰ আব্দুল কালাম, শ্যামপুৰৰ হানিফ আলী আৰু ছিপাঝাৰৰ চাহিজী আলম বুলি চিনাক্ত কৰা হৈছে । সন্দেহ কৰা অনুসৰি মাছখিনি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা কৌশলৰে অনা হৈছিল আৰু ৰে'লযোগে কলকাতালৈ নিয়াৰ কথা আছিল ।

Three smugglers, with endangered fish, arrested at Guwahati railway station
বিলুপ্তপ্ৰায় পিপলি চেং মাছ (ETV Bharat Assam)

বন বিভাগৰ সূত্ৰই সদৰী কৰা তথ্য অনুসৰি গুৱাহাটী ৰে'লৱে ষ্টেচনৰ পৰা ৰে'লযোগে বহিঃৰাজ্যলৈ মাছ সৰবৰাহ কৰা হ'ব বুলি গোপন সূত্ৰৰ জৰিয়তে জানিব পাৰি গুৱাহাটীৰ বনাঞ্চলিক বিষয়া হেমন্ত অধিকাৰীৰ নিৰ্দেশত কালাপাহাৰ, খানামুখ আৰু হেঙেৰাবাৰীৰ খণ্ড বন বিষয়া ক্ৰমে প্ৰহ্লাদ গায়ন, জিন্তুমণি তালুকদাৰ আৰু বিদ্যুৎ দাসৰ নেতৃত্বত এটা বনকৰ্মীৰ দল দুপৰীয়াৰ পৰা গুৱাহাটী ৰেলৱে ষ্টেচনত খাপ পিটি আছিল ।

বিয়লি ২ টা কাৰ্টনত মাছখিনি ৰে'লৱে ষ্টেচন আহি পোৱাৰ পাছতেই বনকৰ্মীৰ দলটোৱে জি আৰ পিৰ সহযোগত তিনিও সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । এই অভিযানত ৱাইল্ড লাইফ ক্ৰাইম কণ্ট্ৰ'ল ব্যুৰ'ই সহযোগিতা আগবঢ়াইছিল ।

লগতে পঢ়ক: দুস্প্ৰাপ্য চেং মাছ উদ্ধাৰক লৈ কলগাছিয়াত চাঞ্চল্য

ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত মোল্লা - Drugs seized

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.