লক্ ডাউনৰ সময়ত এড়ী-মুগাৰ উৎপাদন বৃদ্ধিৰ লক্ষ্য দুখন গাঁৱৰ - ৰেচম উদ্যোগ
🎬 Watch Now: Feature Video
এড়ী-মুগা-পাট পলু পালনেৰে স্বাৱলম্বীতাৰ নিদৰ্শন দেখুওৱা কোকৰাঝাৰৰ দুখন বিশেষ গাঁও ৷ কোকৰাঝাৰ চহৰৰ পূৱ দিশত প্ৰায় ১০ কিলোমিটাৰ নিলগত অৱস্থিত পুনদিবাৰী আৰু খুমগুৰি নামৰ গাওঁ দুখন ৷ যি দুখন গাঁৱৰ ৰাইজে বছৰ বছৰ ধৰি পলু পালনেৰে সূচনা কৰি আহিছে বিপ্লৱৰ ৷ এড়ী-মুগা-পাট পলুৰে অনেক লোকে কেনেদৰে স্বাৱলম্বিতা লভিব পাৰে তাৰে উৎকৃষ্ট উদাহৰণ হ'ল পুনদিবাৰী আৰু খুমগুৰি গাঁৱৰ ৰাইজ । বছৰে এড়ী-মুগা-পাট পলু বিক্ৰী কৰি মাহে 15 ৰ পৰা 20 হাজাৰ উপাৰ্জন কৰি গাঁও দুখনৰ লোকসকলে । দেশৰ বিভিন্ন ৰেচম উদ্যোগত যোগান ধৰি আহিছে তেওঁলোকে ৷ ইতিমধ্যে বিটিচি ৰেচম বিভাগে এই গাঁওখনক এড়ী-মুগা-পাট উপাদনৰ পৰিমাণ বৃদ্ধিৰ লক্ষ্যৰে অনুদান আগবঢ়াইছে । বিটিচি ৰেচম বিভাগৰ কাৰ্যালয়ে জানিবলৈ দিয়া মতে সমগ্ৰ দেশত চলি থকা লক্ ডাউনে এড়ী-মুগা উৎপাদন কৰা গাঁও দুখনত একো প্ৰভাৱ পেলাব পৰা নাই । বৰঞ্চ দুগুণ উৎসাহেৰে সময়ৰ সদব্যৱহাৰ কৰি উৎপাদন বৃদ্ধিত মনোনিৱেশ কৰিছে গাঁওবাসীয়ে ৷ কেৱল এড়ী আৰু মুগা-পাট পালনেই নহয়, দেশৰ প্ৰধানমন্ত্ৰীৰ মূলমন্ত্ৰ স্বৰূপ 'স্বচ্ছ ভাৰত অভিযান'ৰ প্ৰতি লক্ষ্য ৰাখি গাঁওবাসীয়ে আজিও তেওঁলোকৰ নিজ গাঁৱৰ সৌন্দৰ্য বৰ্ধনৰ বাবে গাঁও দুখনত নানা ধৰণৰ গছ-গছনি ৰোপন আদৰ্শ গাঁৱৰ স্বীকৃতি কৰি লাভ কৰিবলৈ সক্ষম হৈছে ৷
Last Updated : Apr 8, 2020, 5:58 PM IST