thumbnail

By

Published : May 7, 2022, 12:58 PM IST

Updated : May 7, 2022, 1:05 PM IST

ETV Bharat / Videos

বগীনদীত দুৰ্বৃত্তৰ গুলীচালনাত আহত ট্ৰাক চালক

লখিমপুৰৰ বগীনদীত গুলীবিদ্ধ ট্ৰাকচালক (Truck driver injured in firing at Baginadi) ৷ ব্ৰইলাৰৰ দানা কঢ়িওৱা ট্ৰাক চালকক শুকুৰবাৰে নিশা গুলীয়াই আহত কৰে ৰেগন উপাধিৰ এজন লোকে ৷ যাকলৈ চাঞ্চল্য সৃষ্টি হৈছে সমগ্ৰ জিলাখনত ৷ প্ৰাপ্ত তথ্য অনুসৰি, শুকুৰবাৰে নিশা 15 নং ৰাষ্ট্ৰীয় ঘাইপথ(15 national highway)ৰে চালকজন গৈ থকা অৱস্থাত এনে অবাঞ্চিত ঘটনাৰ সন্মুখীন হয় ৷ অৱশ্যে এই ঘটনাৰ পিছৰে পৰা পলাতক অৱস্থাত আছে ৰেগন উপাধিৰ লোকজন ৷ লোকজনে কৰা গুলীচালনাৰ ঘটনাত গুৰুতৰভাৱে আহত হৈছে গুলবাহাৰ আলী নামৰ চালকজন ৷ এই ঘটনাৰ পিছতে স্থানীয় লোকৰ তৎপৰতাত চালকজনক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল(AMCH)লৈ ৷ গুলীয়ে বুকুত আঘাত কৰা চালক আলীৰ ঘৰ বৰপেটাত বুলি জানিব পৰা গৈছে ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷
Last Updated : May 7, 2022, 1:05 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.