পৰম্পৰা ৰক্ষা কৰি তিতাবৰত গছৰ তলৰ বিহু - হুঁচৰি দল
🎬 Watch Now: Feature Video

সাতাম পুৰুষীয়া পৰম্পৰা ধৰি ৰখা চেষ্টা তিতাবৰত ৷ পৰম্পৰাগত গছতলৰ বিহু দেখিবলৈ পোৱা গ’ল তিতাবৰৰ বগাৰ গাঁৱত । দেখিবলৈ পোৱা গ’ল গছতলৰ বিহু । যান্ত্ৰিকতাৰ দিনত হেৰাই যাব খোজা জেং বিহু অথবা গছ তলৰ বিহু ধৰি ৰখা চেষ্টা তিতাবৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বিজেপি প্ৰাৰ্থী হেমন্ত কলিতাৰ । কলিতাৰ সম্পূৰ্ণ নিজাববীয়া প্ৰচেষ্টাত তিতাবৰ বগাৰ গাঁৱত অনুষ্ঠিত হয় গছতলৰ বিহু । বৰগছৰ তলত বহুকেইটা হুঁচৰি দলে পৰিৱেশন কৰে বিহু হুঁচৰি ।