thumbnail

By

Published : May 10, 2021, 5:15 PM IST

ETV Bharat / Videos

নতুন চৰকাৰৰ শপত গ্ৰহণৰ দিনটোত কা বিৰোধী প্ৰতিবাদ

ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নৱগঠিত ৰাজ্য চৰকাৰে শপত গ্ৰহণ কৰাৰ দিনটোতে কা বাতিলৰ দাবীত শিৱসাগৰত তিনি জাতি-জনগোষ্ঠীয় সংগঠনৰ প্ৰতিবাদ ৷ শিৱসাগৰৰ ঐতিহাসিক শিৱদ'লৰ সন্মুখত কা বাতিলৰ দাবীত অসম ছাত্ৰ যুৱ সন্মিলন, সদৌ অসম অনুসূচীত ছাত্ৰ সন্থা আৰু মৰিয়া যুৱ ছাত্ৰ সন্থাই প্লে’কাৰ্ড লৈ সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰতিবাদকাৰীসকলে অসমৰ নতুন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক চুবুৰীয়া অন্য ৰাজ্যৰ দৰে কা বাতিলৰ বাবে অসম বিধানসভাত প্ৰস্তাৱ গ্ৰহণ কৰি সৎ সাহস দেখুৱালৈ প্ৰত্যাহ্বান জনায় । অসমৰ ৰাইজে কেতিয়াও কা মনা নাছিল আৰু ভৱিষ্যতেও নামানে বুলি স্পষ্ট কৰি দি অনাগত দিনত কা বাতিলৰ বাবে ব্যাপক গণ আন্দোলনৰ গঢ়ি তোলা হ’ব বুলি হুংকাৰ প্ৰদান কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.