thumbnail

By

Published : Oct 16, 2022, 6:56 PM IST

ETV Bharat / Videos

Thieves arrested: আৰক্ষীৰ জালত ডিফু মেডিকেল কলেজৰ সামগ্ৰী চুৰি কৰা চাৰি চোৰ

বিগত কিছুদিন ধৰি ডিফু চিকিৎসা মহাবিদ্যালয় এলেকাত বৃদ্ধি পাইছিল চোৰৰ উপদ্ৰৱ ৷ চোৰৰ সন্ত্ৰাসত একপ্ৰকাৰে নিদ্ৰাহৰণ হৈছিল অঞ্চলবাসীৰ ৷ অৱশেষত আৰক্ষীৰ জালত পৰিল চাৰি চোৰ (Thieves arrested in Diphu)৷ ঘটনাৰ বিৱৰণী অনুসৰি, ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ পৰা তামৰ তাৰ, অক্সিজেন সৰবৰাহী পাইপ চুৰি হোৱা সন্দৰ্ভত মেডিকেল কৰ্তৃপক্ষই ডিফু আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ (Theft at Diphu Medical College and Hospital) ৷ এজাহাৰৰ ভিত্তিতেই ডিফু আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া জে এছ খবুঙে অভিযান চলাই দেওবাৰে চাৰি চোৰক আটক কৰিবলৈ সক্ষম হয় ৷ চোৰ কেইটাৰ পৰা আৰক্ষীয়ে তামৰ তাঁৰৰ বন্দিল, অক্সিজেন সৰবৰাহী পাইপ, কাটাৰ আৰু স্ক্ৰু ড্ৰাইভাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আটকাধীন চোৰ কেইটা ক্ৰমে, মৰিগাঁও জিলাৰ মৈৰাবাৰিৰ মন্নাছ আলি, হৰিলাল বস্তিৰ অনাৰুল হক, ৰঙনিহান পথাৰৰ জাকিৰ হুছেইন আৰু ধৰমনলৰ ৰাজীৱ আলি বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.