Broker handed over to police: ভুৱা জামিন দিওঁতাক মাৰি মাৰি থানাত চমজাই দিলে মহিলাই

By

Published : Aug 5, 2022, 10:43 PM IST

thumbnail

কৰিমগঞ্জত শুকুৰবাৰে ভুৱা জামিন দিওঁতাক মাৰি মাৰি থানাত চমজাই দিলে এদল মহিলাই(The fake bail ergonomic was beaten up) । ধৃত লোকজনৰ নাম শ্বৰিফ উদ্দিন । শ্বৰিফৰ ঘৰ পাথাৰকান্দি আৰক্ষী থানাৰ(Patharkandi Police Station) অন্তৰ্গত এৰালিগুল গাঁৱত । এগৰাকী মহিলাৰ জামিন দিয়াৰ নামত 45 হেজাৰ টকা লৈছিল শ্বৰিফে । কিন্তু আজি আদালতে শ্বৰিফ উদ্দিনে জামিনৰ নামত দিয়া নথি ভুৱা বুলি জামিন নাকচ কৰাৰ পিছত আদালতৰ বাহিৰত দেখা গ’ল এক উত্তপ্ত পৰিস্থিতিৰ । ইয়াৰ পাছতেই জামিনৰ বাবে আবেদন কৰা মহিলাগৰাকীয়ে জেৰা কৰিলে শ্বৰিফ উদ্দিনক ৷ শ্বৰিফ উদ্দিনে কৌশলেৰে পলাই যাবলৈ চেষ্টা কৰিছিল যদিও উক্ত স্থানত উপস্থিত আন লোকসকলে কৰায়ত্ব কৰিবলৈ সক্ষম হয় । ইয়াৰ পিছত মাৰি মাৰি থানাত চমজাই দিয়া হয় শ্বৰিফউদ্দিন নামৰ ভুৱা জামিন দিওঁতাক ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.