কৰিমগঞ্জত শিশু শ্ৰমিকৰ ৰহস্যজনক মৃত্যু: অসম ত্ৰিপুৰা ঘাইপথ অৱৰোধ ক্ষুদ্ধ লোকৰ

By

Published : Apr 23, 2022, 11:08 AM IST

thumbnail
কৰিমগঞ্জৰ ছলগৈত অঘটন ৷ কৰিমগঞ্জৰ এখন মদৰ দোকানত কৰ্মৰত এগৰাকী 16 বছৰীয়া শিশু শ্ৰমিকৰ ৰহস্যজনক মৃত্যু (Suspicious suicide case in Karimganj) ৷ মৃত কিশোৰটিক পৰিয়ালক লোকৰ অভিযোগ, কিশোৰটিক দোকানৰ মালিক পক্ষই হত্যা কৰি দিছে আত্মহত্যাৰ ৰূপ ৷ মৃত কিশোৰটিয়ে কাম কৰা দোকানখনৰ স্বত্বাধিকাৰী জনৈক বাদল ভৌমিক বুলি জানিব পৰা গৈছে ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতি (Tens situation in Karimganj) ৷ আনকি মৃত কিশোৰটিৰ পৰিয়াল তথা আত্মীয়ই ন্যায়ৰ দাবীত পাথাৰকান্দিৰ অসম ত্ৰিপুৰা ঘাইপথ অৱৰোধ কৰে । পৰিস্থিতি বিষম হোৱাত ঘটনাস্থলীত উপস্থিত হয় পাথাৰকান্দি আৰক্ষীৰ এটা দল আৰু আৰম্ভ কৰে তদন্ত ৷ শুকুৰবাৰে নিশাই আৰক্ষীৰ দলটোৱে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো প্ৰেৰণ কৰে কৰিমগঞ্জ অসামৰিক হাস্পতাললৈ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.