মাধৱদেৱ বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ তীব্ৰ প্ৰতিবাদ - students protest in Madhabdev University
🎬 Watch Now: Feature Video
লখিমপুৰ জিলাৰ নাৰায়ণপুৰস্থিত মাধৱদেৱ বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীৰ পাঠদান আৰম্ভ কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিশ্ববিদ্যালয় আছু গোট আৰু ছাত্ৰ সমাজে (PG classes in Madhabdev university) । বিশ্ববিদ্যালয় ঘোষণাৰ চাৰি বছৰ পিছতো বিশ্ববিদ্যালয়খনত পাঠদান আৰম্ভ নকৰাত ক্ষোভিত হৈ ছাত্ৰ-ছাত্ৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰে (Protest for demanding PG classes in MU)। বিশ্ববিদ্যালয়খনৰ প্ৰশাসনিক ভৱনৰ সমুখত সমবেত হৈ বিভিন্ন শ্ল'গানেৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে ছাত্ৰ-ছাত্ৰী সকলে । উল্লেখনীয়ভাৱে তিনি বছৰ পূৰ্বতেই শিক্ষানুষ্ঠানখনে বিশ্ববিদ্যালয়ৰ স্বীকৃতি লাভ কৰাৰ পিছতো আজি পৰ্যন্ত কাৰ ভুলৰ বাবে স্নাতকোত্তৰ পৰ্যায়ৰ পাঠ্যক্ৰমৰ আৰম্ভ নহ’ল সি এক ডাঙৰ প্ৰশ্ন ৷