ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধিৰ প্ৰতিবাদ মৰাণ মহাবিদ্যালয়ত

By

Published : Aug 26, 2022, 3:46 PM IST

thumbnail

নতুন শিক্ষাবৰ্ষ আৰম্ভণিৰ পূৰ্বে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৩৩ শতাংশ মাচুল বৃদ্ধিৰ সিদ্ধান্ত লোৱাৰ পাছতে বিশ্ববিদ্যালয়খনত কেইবাদিনো ধৰি স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ নেতৃত্বত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে(Protest against high admission fee of DU) । কিন্ত ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ কৰিলেও ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰ স্বাৰ্থত মাচুল বৃদ্ধিৰ সিদ্ধান্ত বাতিল কৰা নহয় বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ঘোষণা কৰে(High admission fee of Dibrugarh University) ৷ ইয়াৰ পাছতেই শুকুৰবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিক্ষোভ কাৰ্যসূচীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে(Moran college Students protest against DU) । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ আহ্বানত মৰাণ মহাবিদ্যালয় ছাত্ৰ একতা সভাই এইদৰে মহাবিদ্যালয়খনৰ প্ৰৱেশদ্বাৰৰ মূল তোৰণৰ সন্মুখত বহি মাচুল বৃদ্ধিৰ সিদ্ধান্তৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদস্থলীৰ পৰাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক এই সিদ্ধান্ত বাতিল কৰিবলৈ আহ্বান জনাই মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.