thumbnail

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 10:21 PM IST

ETV Bharat / Videos

সনাতন সংস্কৃতিক অপমান কৰাৰ অধিকাৰ ৰাহুল গান্ধীৰ নাই : ভৱেশ কলিতা - Bhabesh Kalita slams Rahul Gandhi

গুৱাহাটী ১ জুলাই: ৰাহুল গান্ধীৰ দৰে কংগ্ৰেছ দলৰ নেতাসকলে পূৰ্বৰে পৰাই এটা বিশেষ সম্প্রদায়ক তুষ্টিকৰণত লাগি আহিছে । ভাৰতীয় সংস্কৃতিক আঘাত দিয়াৰ অধিকাৰ ৰাহুল গান্ধীৰ নাই, সনাতন সংস্কৃতিৰ সন্মানীয় ব্যক্তিৰ ওচৰত ৰাহুল গান্ধীয়ে ক্ষমা খোজাৰ প্রয়োজন । সোমবাৰে ৰাহুল গান্ধীয়ে সংসদত হিন্দু সন্দৰ্ভত কৰা এক মন্তব্যক লৈ এইদৰে সৰব হৈ পৰিল ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ৷

উল্লেখ্য যে ভাৰতীয় জনতা পার্টীৰ বশিষ্ঠস্থিত ৰাজ্য়িক মুখ্য কার্যালয়ত সোমবাৰে ৰাজ্যিক বিজেপিৰ মাহেকীয়া মুখপত্র ‘‘অসমীয়া বিজেপি বার্তা’’ৰ অষ্টম বছৰৰ সপ্তম সংখ্যাটি উন্মোচন কৰা হয় । সভাপতি ভবেশ কলিতাৰ উপস্থিতিত দলৰ জ্যেষ্ঠ নেতা মিছন ৰঞ্জন দাসে জুলাই মাহৰ সংখ্যাটি উন্মোচন কৰে । 

লগতে পঢ়ক: NEET এটা বাণিজ্যিক পৰীক্ষা, কেৱল ধনী ছাত্ৰ-ছাত্ৰীৰ বাবে পতা হৈছে : সদনত ৰাহুল গান্ধীৰ উদাত্ত ভাষণ - 18th lok sabha 1st session

ভৱেশ কলিতাই কয় যে, বিজেপি বার্তাই বিগত আঠটাকৈ বছৰে ধাৰাবাহিকভাৱে দলৰ নীতি-আদৰ্শৰ লগতে চৰকাৰৰ সফল খাতিয়ানসমূহ পাঠকৰ মাজলৈ কঢ়িয়াই নিছে । দলৰ মুখপত্ৰখনত সাম্প্রদায়িক বতৰা আৰু ৰাজনীতিৰ লগতে প্রশাসনিক, সাংস্কৃতিক, অর্থনৈতিক, সামাজিক আদি বিভিন্ন লিখা প্রকাশ পাই আহিছে ।

তেওঁ লগতে কয়, ৰাজ্যত সৃষ্টি হোৱা বিধ্বংসী বানৰ বাবে অহা ১০ জুলাইত অনুষ্ঠিত হ'বলগীয়া দলৰ কাৰ্যনিৰ্বাহক সভাখন বাতিল কৰা হৈছে । পৰৱৰ্তী সময়ত কার্যনির্বাহকৰ তাৰিখ চূড়ান্ত কৰা হ'ব বুলি তেওঁ লগতে সদৰী কৰে । আজিৰ এই অনুষ্ঠানটোত দলৰ জ্যেষ্ঠ নেতা বিজয় কুমাৰ গুপ্তা, মুখপাত্র ৰূপম গোস্বামী, সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলৰ লগতে অন্যান্য কার্যকর্তাসকল উপস্থিত থাকে ৷

লগতে পঢ়ক: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টিত বিজেপিত সংঘাত, পদত্যাগৰ ভাবুকি - Assam BJP

লগতে পঢ়ক: কংগ্ৰেছৰ চৰকাৰ হ’লে কোনে কাঢ়ি ল’ব অধিকাৰ ? ক’লে পীযুষ হাজৰীকাই - Pijush Hazarika

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.